নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভাত অসমৰ চাহক ৰাষ্ট্রীয় পানীয় হিচাপে ঘোষণা কৰাৰ আহ্বান সাংসদ পৱিত্র মার্ঘেৰিটাৰ

 

  • আগন্তুক বর্ষত ২০০ বছৰ পূর্ণ কৰিব অসমৰ চাহে

 

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ : দ্বিশতিকা সম্পূর্ণ কৰিব ওলোৱা অসমৰ চাহে এতিয়াও ৰাষ্ট্রীয় স্তৰত লাভ কৰা নাই বিশেষ মর্যাদা৷ অসমৰ চাহক লৈ সংসদৰ মজিয়াত সোমবাৰে এইদৰে আক্ষেপ কৰে অসমৰ সাংসদ পৱিত্র মার্ঘেৰিটাই৷ অহা বর্ষত দ্বিশতিকা সম্পূর্ণ কৰিবলৈ ওলোৱা অসমৰ চাহক সেয়ে ৰাষ্ট্রীয় মর্যাদা দিবলৈ ৰাজ্য সভাত আহ্বান জনায় সাংসদগৰাকীয়ে৷ সংসদৰ শূন্যকালীন ঘণ্টাত বিষয়টো উত্থাপন কৰি পৱিত্র মার্ঘেৰিটাই কয় যে ২০২৩ বর্ষত বিশ্বপ্রসিদ্ধ অসমৰ চাহে ২০০ বর্ষ সম্পূর্ণ কৰিব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰখনে চাহ শিল্পৰ দুশবছৰীয়া জয়ন্তী উদ্যাপন কৰিবলৈ প্রস্তুতি আৰম্ভ কৰিছে৷ কেন্দ্রীয় চৰকাৰেও অসমৰ চাহৰ প্রসাৰ আৰু প্রচাৰৰ ক্ষেত্রত আমাক সহায় কৰিব৷ এই সন্ধিক্ষণতে মই কেন্দ্রীয় চৰকাৰক অনুৰোধ কৰিব খোজোঁ যে অসমৰ চাহক ৰাষ্ট্রীয় পানীয় হিচাপে ঘোষণা কৰা হওক৷ কালি  সংসদত সাংসদগৰাকীয়ে উল্লেখ কৰে যে চাহৰ নামত বিভিন্ন পনীয়ৰ বিপণন চলি আছে৷ উদাহৰণস্বৰূপে ব্লু টী হিচাপে শেহতীয়াকৈ অপৰাজিত ফুলৰ পৰা প্রস্তুত কৰা এক চাহপাত দাঙি ধৰা হৈছে৷ কিন্তু এয়া কেতিয়াও চাহ হ’ব নোৱাৰে৷ অসমৰ চাহৰ এক বিশেষ মর্যাদা আছে৷ চাহৰ নামত চলি থকা এনেবোৰ বিপণী কেন্দ্রীয় চৰকাৰে সোনকালে বন্ধ কৰক৷ সাংসদগৰাকীয়ে ২০০ বছৰ সম্পূর্ণ কৰিব ওলোৱা অসমৰ চাহৰ লগতে চাহ বাগিচাৰ শ্রমিকসকলৰ বাবে বিশেষ পেকেজ ঘোষণা কৰাৰ বাবেও আজি কেন্দ্রীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে৷ হিন্দীতে ভাষণ আগবঢ়োৱা সাংসদগৰাকীৰ এনে আহ্বানক আজি তিনিবাৰকৈ হর্ষধ্বনিৰে সংসদত উপস্থিত থকা সাংসদসকলে সমর্থন জনোৱা পৰিলক্ষিত হয়৷

You might also like