নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয়মূলৰ কর্মীক বৃহৎ সকাহ বাইডেনৰ

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ  আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে মহামাৰীৰ সময়ত গ্রীন কার্ডৰ ওপৰত যি নিষেধাজ্ঞা আৰোপ কৰিছিল সেয়া প্রত্যাহাৰ কৰিছে বর্তমানৰ ৰাষ্ট্রপতি তথা ডেমক্রেটিক নেতা জ’ বাইডেনে৷ জ’ বাইডেনে এই ব্যৱস্থা গ্রহণ কৰাৰ ফলত উপকৃত হ’ব বহু ভাৰতীয়৷ বিশেষকৈ তথ্য–প্রযুক্তি ক্ষেত্রত দেশখনত নিয়োজিত ভাৰতীয় যুৱক–যুৱতীসকল জ’ বাইডেনে প্রশাসনৰ এই সিদ্ধান্তৰ ফলত বিভিন্ন সংকটৰ পৰা মুক্ত হ’ব৷ গ্রীন কার্ডৰ ওপৰত থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰাৰ ফলত আমেৰিকাত থকা ভাৰতীয়সকলৰ এইচ–১বি ভিছা সক্রিয় হৈ থাকিব৷

ইয়াৰ ফলত গ্রীন কার্ড লাভ কৰা ভাৰতীয় নাগৰিকসকলে কেইবা বছৰলৈ আমেৰিকাত লাভ কৰিব নিযুক্তি৷ স্মর্তব্য যে যোৱা বসন্ত কালত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে গ্রীন কার্ড প্রদান কৰাৰ ক্ষেত্রত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল৷ ২০২০ৰ শেষলৈ ট্রাম্পৰ এই নিষেধাজ্ঞা অব্যাহত আছিল৷ পৰিণতিত আমেৰিকাত থকা বহু ভাৰতীয় শিক্ষার্থী তথা তথ্য প্রযুক্তিৰ সৈতে জড়িত কর্মী সংকটৰ সন্মুখীন হৈছিল৷ কিন্তু বাইডেন প্রশাসনে ক্ষমতালৈ আহিয়েই এই নিষেধাজ্ঞা প্রত্যাহাৰ কৰাৰ ফলত সংকটৰ সন্মুখীন হোৱা ভাৰতীয় নাগৰিকসকলৰ সন্মুখত নতুন সম্ভাৱনাৰ পথ উদয় হৈছে৷

উদাৰপন্থী ৰাষ্ট্রপতি হিচাপে জ’ বাইডেনে ট্রাম্পৰ এই নিষেধাজ্ঞা প্রত্যাহাৰ কৰাৰ পিছত দেশখনত বসবাস কৰি থকা ভাৰতীয় শিক্ষার্থী তথা তথ্য–প্রযুক্তি ক্ষেত্রৰ কর্মীসকলে দীর্ঘদিন ধৰি দেশখনত নিৰাপদে বাস কৰাৰ সুযোগ লাভ কৰিব৷ গতিকে বাইডেনৰ এই সিদ্ধান্ত নিঃসন্দেহে ভাৰতীয়মূলৰ আমেৰিকানৰ বাবে এক ইতিবাচক পদক্ষেপ হিচাপে চিহ্ণিত হৈছে৷

You might also like