নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্চিডিজ গাড়ীত ১৭ বছৰীয়া তৰুণীক গণধর্ষণ পাঁচ নাবালকৰ

নিয়মীয়া বাৰ্তা ৪ জুন: তেলেংগানাত সংঘটিত হৈছে শিহৰণকাৰী গণধর্ষণৰ ঘটনা৷ পাণশালাৰ পৰা ঘৰলৈ ওভতাৰ পথত এজনী তৰুণীক এখন মার্চিডিজ গাড়ীৰ ভিতৰত ৫ নাবালকে ধর্ষণ কৰা ঘটনাক লৈ দেশজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ যোৱা শনিবাৰে নিশা হায়দৰাবাদৰ এগৰাকী বিধায়কৰ পুত্রসহ এই ৫ নাবালকে গাড়ীৰ ভিতৰতে ধর্ষণ কৰে তৰুণীজনীক৷ বুধবাৰে এই ঘটনা পোহৰলৈ আহে৷ এই বাতৰি যুগুতোৱাৰ পৰলৈ অভিযুক্ত নাবালককেইজনক গ্রেপ্তাৰ কৰা নাই আৰক্ষীয়ে৷

হায়দৰাবাদ আৰক্ষীয়ে সদৰী কৰা অনুসৰি, পকছো আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, জুবিলী হিলছ অঞ্চলত ১৭ বছৰীয়া তৰুণীজনীৰ ওপৰত ৫ অভিযুক্তই বলাৎকাৰ চলাইছিল৷ হায়দৰাবাদৰ অভিজাত অঞ্চল হিচাপে পৰিচিত জুবিলী হিলছৰ এটা পাণশালালৈ গৈছিল তৰুণীজনী৷ তৰুণীজনীৰ পিতৃয়ে আৰক্ষীক অভিযোগ দাখিল কৰাৰ পিছতেই এই ঘটনাক কেন্দ্র কৰি সমগ্র দেশতে সৃষ্টি হৈছে প্রতিক্রিয়া৷ এই ঘটনাত জড়িত বিধায়ক পুত্রৰ পৰিচয় এতিয়াও সদৰী কৰা নাই আৰক্ষীয়ে৷

You might also like