নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ জুনৰ পৰা আৰম্ভ হ’ব হজযাত্রাঃ মক্কাত উজলিব অসমীয়াৰ স্বাভিমানৰ গামোচা

নিয়মীয়া বাৰ্তা ৪ জুন: দুটা বছৰৰ পাছত ৰাজ্যত পুনৰ আৰম্ভ হ’ব হজযাত্রা৷ অহা ৫ জুনত প্রথমটো হজযাত্রীৰ দল ৰাওনা হ’ব মক্কা মদিনালৈ৷ বিশেষ বিমানযোগে গুৱাহাটী বিমানবন্দৰৰ পৰা ডেৰ বজাত যাত্রা কৰিব ১৫০গৰাকী হজযাত্রীৰ প্রথমটো দলে৷ এই হজযাত্রাৰ ফ্লেগ অফ কৰিব মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ এই অনুষ্ঠানত উপস্থিত থাকিব হজ কমিটীৰ অধ্যক্ষ নেকিবুৰ জামান, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা৷ এইবাৰ হাজী মুছাফিৰ খানাৰ পৰা ৩,৪৫১গৰাকী হজযাত্রীয়ে যাব মদিনালৈ৷ ইয়াৰ ভিতৰত ২,৩৬৬গৰাকী পুৰুষ, ১,০৮৩গৰাকী মহিলা আৰু দুটি কণ কণ শিশুৱে যাত্রা কৰিব পৱিত্র মক্কালৈ৷ ৫ জুনত এই যাত্রা আৰম্ভ হোৱাৰ পাছত ৬ জুনৰ পৰা ১৭ জুনলৈ প্রতিদিনে দুখনকৈ বিমানেৰে মদিনালৈ যাত্রা কৰিব অসমৰ হজযাত্রীসকল৷

উল্লেখ্য যে হজযাত্রীসকলৰ সুবিধার্থে এইবাৰ অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা চৰকাৰী খৰচত চৰকাৰীভাৱে হজযাত্রীৰ লগত ২৩গৰাকী কর্মচাৰীক খাদিমুল হুজ্জাজ হিচাপে প্রেৰণ কৰা হ’ব৷ আনহাতে, ৬ জুনৰ সন্ধিয়া হজযাত্রীসকলক সম্বর্ধনা জনোৱাৰ উদ্দেশ্যে হাজী মুছাফিৰ খানাত অনুষ্ঠিত হ’ব এখন বিশেষ সভা৷ এই সম্বর্ধনা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মন্ত্রী অতুল বৰা, মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, মন্ত্রী অশোক সিংহল, উর্খাও গৌৰা ব্রহ্ম, ব্রিটিচিপ্রধান প্রমোদ বড়োৰ লগতে বহু বিশিষ্ট ব্যক্তি৷ এই অনুষ্ঠানতে লাব্বাইকা নামৰ এখন স্মৰণিকা উন্মোচন কৰা হ’ব৷ লক্ষণীয় যে এইবাৰ হজযাত্রীসকলে অসমীয়াৰ স্বাভিমানৰ গামোচা ডিঙিত লৈ মক্কা মদিনালৈ ৰাওনা হ’ব৷ পৱিত্র হজযাত্রাৰ সময়ত প্রতিগৰাকী হজযাত্রীয়ে ডিঙিত গামোচা লৈ মক্কা মদিনাত দেশ তথা ৰাজ্যৰ মংগলৰ বাবে প্রার্থনা কৰিব৷

ইফালে, হজযাত্রা কার্যসূচী সফলভাৱে পৰিচালনা কৰাৰ বাবে প্রশাসন, স্বাস্থ্য বিভাগ, পৰিবহণ বিভাগ, পৌৰ নিগমকে ধৰি বহুকেইটা বিভাগে সম্পূর্ণ সহযোগিতা আগবঢ়াইছে৷ সমান্তৰালভাৱে হজযাত্রীসকলৰ থকা খোৱা, স্বাস্থ্য পৰীক্ষা, যাত্রাকালৰ প্রয়োজনীয় ভিছা প্রদান, ভেকচিন প্রদান, আৰ টি পি চি আৰ পৰীক্ষা কৰা, বিদেশী মুদ্রা বিনিময় আদি কাম হাজী মুছাফিৰ খানাত আৰম্ভ হৈছে৷ আজি হাজী মুছাফিৰ খানাত উত্তৰ–পূর্বাঞ্চল হজযাত্রী অভ্যর্থনা কমিটীয়ে আয়োজন কৰা এখন সংবাদ মেলত হজযাত্রাৰ এই প্রস্তুতি সন্দর্ভত আনুষ্ঠানিকভাৱে সদৰী কৰে অধ্যক্ষ নেকিবুৰ জামানে৷ সংবাদ মেলত বিধায়ক কৰিমউদ্দিন বৰভূঞা, ওমৰ ৰছিদ, ছাজিদ ৰহমানকে ধৰি বহুকেইগৰাকী অভ্যর্থনা কমিটীৰ বিষয়ববীয়া উপস্থিত থাকে৷

You might also like