নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিএছচি আৰু অসম

ইউপিএছচিৰ সদ্যঘোষিত অসামৰিক সেৱাৰ ফলাফলত অসমৰ মাত্র তিনিজন প্রার্থীয়ে স্থান লাভ কৰা বিষয়টোৱে বিশেষ চর্চা লাভ কৰা পৰিলক্ষিত হৈছে৷ বিগত কেইটামান বছৰত ভাৰতীয় অসামৰিক সেৱাৰ বাবে নির্বাচিত প্রার্থীৰ তালিকাত অসমৰ স্থান নিম্নগামী হোৱা বিষয়টো যথেষ্ট গুৰুত্বপূর্ণ বুলি বিবেচিত হৈ আহিছে৷ যি সময়ত এই বর্ষত ঝাৰখণ্ডৰ স্কুলভানৰ ড্রাইভাৰৰ পুত্র সুমিত ঠাকুৰে অসামৰিক সেৱাৰ বাবে মনোনীত হৈ ৰাষ্ট্রীয় পর্যায়ত চর্চা লাভ কৰিছে, তেনে সময়তে অসমৰ প্রার্থীৰ পুতৌজনক ফলাফল ৰাজ্যখনৰ বাবে চিন্তনীয় বিষয় বুলি বিবেচিত হৈছে৷ উল্লেখ্য যে এইবাৰৰ ফলাফলত বিহাৰৰ ৪১জন প্রার্থী ভাৰতীয় অসামৰিক সেৱাৰ বাবে নির্বাচিত হোৱাৰ বিপৰীতে কেৰালাৰ দৰে ক্ষুদ্র ৰাজ্যৰ পৰা প্রতিবছৰে প্রায় ১৫জনকৈ প্রার্থী নির্বাচিত হৈ আহিছে৷ এইবাৰৰ ফলাফলত দেখা গৈছে যে বিহাৰৰ ১২জন প্রার্থীয়ে প্রথম ১০০জনৰ ভিতৰত স্থান লাভ কৰিছে৷ এই ১২জন প্রার্থী ভাৰতীয় বৈদেশিক সেৱা আৰু ভাৰতীয় প্রশাসনীয় সেৱালৈ নির্বাচিত হোৱাটো নিশ্চিত৷ বিহাৰ, ওড়িশা, গুজৰাট আদি ৰাজ্যৰ পৰা প্রতিবছৰে ভাৰতীয় প্রশাসনীয় সেৱালৈ বৃহৎসংখ্যক প্রার্থী মনোনীত হৈ আহিছে৷ এনে অৱস্থাত অসমৰ প্রার্থীৰ বিফলতাৰ ক্ষেত্রত এক সূক্ষ্ম পর্যালোচনাৰ লগতে বিষয়টো বিদ্যায়তনিকভাৱে আলোচনা হোৱাৰ প্রয়োজনীয়তা আহি পৰিছে৷ উল্লেখ্য যে ভাৰতীয় অসামৰিক সেৱাৰ চাকৰি একমাত্র কেৰিয়াৰকেন্দ্রিক চাকৰি নহয়, এই চাকৰিৰ সৈতে জড়িত থাকে একো একোটা অঞ্চলৰ বিকাশ আৰু উন্নয়নৰ প্রশ্ণ৷ এজন উপায়ুক্ত অথবা উচ্চ প্রশাসনীয় সেৱাৰ বিষয়াই ইচ্ছা কৰিলে বিভিন্ন উন্নয়নমূলক কাম–কাজেৰে এটা অঞ্চল অথবা এখন ৰাজ্য বহুদূৰ আগুৱাই লৈ যাব পাৰে৷ সেই দৃষ্টিকোণৰ পৰা অসমৰ দৰে পিছপৰা আৰু সমস্যাবহুল ৰাজ্যৰ পৰা আই এ এছ, আই পি এছ বিষয়া প্রতিবছৰে নির্বাচিত হোৱাটো বিশেষভাৱে জৰুৰী৷ কিয়নো এই বিষয়াসকলে যদিও নিজ ৰাজ্যৰ কেডাৰ লাভ কৰি জন্মভূমিত কর্মৰত হয়, তেতিয়া তেওঁলোকে ৰাজ্যখনৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰাৰ ক্ষমতা তেওঁলোকৰ হাতত অর্পিত হৈ থাকে৷ সেই দৃষ্টিকোণৰ পৰাই এই সর্বভাৰতীয় পৰীক্ষাৰ ফলাফল যথেষ্ট গুৰুত্বপূর্ণ বুলি বিবেচিত হৈ আহিছে অসমৰ দৰে ৰাজ্যৰ বাবে৷
ইউ পি এছ চিৰ পৰীক্ষাসমূহ অতি কঠিন পৰীক্ষা হয় বুলি সকলোৰে জ্ঞাত৷ ইউ পি এছ চিৰ মূল পৰীক্ষাৰ বাবে প্রস্তুতি পর্ব এক যুদ্ধসম প্রস্তুতি বুলি সফলতা লাভ কৰা প্রতিজন শিক্ষার্থীয়ে প্রকাশ কৰি আহিছে৷ সাধাৰণতে বিহাৰ, ওড়িশা, গুজৰাট, কেৰালা আদিৰ দৰে ৰাজ্যৰ শিক্ষার্থীসকলে প্রতিবছৰে লাভ কৰা সফলতাৰ আঁৰত আছে অপৰিসীম কষ্ট কৰাৰ ক্ষমতা৷ বিহাৰৰ এজন ছাত্রই ইউ পি এছ চিৰ পৰীক্ষাৰ বাবে প্রস্তুতি চলোৱাৰ সময়ত দৈনিক ১৬–১৭ ঘণ্টাকৈ পঢ়া–শুনা কৰে বুলি প্রকাশ পাই আহিছে৷ সাধাৰণতে অসমৰ ছাত্র–ছাত্রীসকলে এই কষ্ট কৰিব নোৱাৰা বাবেই সর্বভাৰতীয় পর্যায়ত অনুষ্ঠিত বিভিন্ন পৰীক্ষাত বিচৰা ধৰণে ফলাফল লাভ নকৰে বুলি চর্চিত হৈ আহিছে৷ উল্লেখ্য যে অসামৰিক সেৱাৰ পৰীক্ষাত সফলতাৰ বাবে মেধাৰ উপৰি প্রয়োজন প্রত্যুৎপন্নমতিতা, ইংৰাজী–হিন্দী আদি ভাষা জ্ঞান, প্রতিটো প্রশ্ণৰ উত্তৰ সঠিকভাৱে দিয়াৰ দক্ষতা, সাধাৰণ জ্ঞানৰ ওপৰত সম্পূর্ণ দখল আদি বহু বিষয়৷ এই সকলোতে সমানে সফলতা অর্জন কৰা শিক্ষার্থী এজনেহে ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত সফল হ’ব পাৰে৷ ইয়াৰ বাবে প্রয়োজন একাণপটীয়া প্রস্তুতি আৰু বিষয়বস্তুৰ ওপৰত অগাধ দখল৷ একমাত্র নেৰানেপেৰা চেষ্টা আৰু অপৰিসীম কষ্টৰে চলোৱা প্রস্তুতিৰ দ্বাৰাহে এনে তীব্র প্রতিযোগিতামূলক পৰীক্ষাত সফলতা অর্জন কৰাটো সম্ভৱ হৈ উঠে৷ ইউ পি এছ চিৰ প্রস্তুতিৰ সময়ত অসমীয়া ছাত্র–ছাত্রীসকলে এই বিষয়টো গুৰুত্ব সহকাৰে গ্রহণ কৰি নিৰন্তৰ পৰিশ্রম কৰিলে সফলতা লাভ কৰাৰ ক্ষেত্রত কোনো বাধা নথকাটো নিশ্চিত৷

You might also like