নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্চ মাহৰ ভিতৰত ভাৰতীয় সেনাই লাভ কৰিব AK-203 এছাল্ট ৰাইফল, ইয়াৰ বৈশিষ্ট্য জানো আহক…

ভাৰতীয় সৈন্যই শীঘ্ৰে প্ৰথম বেটচ AK-203 এছাল্ট ৰাইফল লাভ কৰিবলৈ ওলাইছে। যোৱা কেইবাবছৰ ধৰি বাকী থকা প্ৰকল্পটো আৰম্ভ হৈছে। উত্তৰ প্ৰদেশৰ আমেথি জিলাৰ কোৰৱাত ইণ্ডো-ৰাছিয়ান ৰাইফলছ প্ৰাইভেট লিমিটেড (আই আৰ আৰ পি এল)ৰ উৎপাদন ইউনিটে এ কে-২০৩ কালাছনিকোভ এছাল্ট ৰাইফল উৎপাদন আৰম্ভ কৰিছে।

যোৱা সপ্তাহত সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেই দাবী কৰিছিল যে চলিত বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত ৫ হাজাৰ একে-২০৩ ৰাইফলৰ প্ৰথমটো বেটচ সেনাক গতাই দিয়া হ’ব বুলি টাইমছ অৱ ইণ্ডিয়া নিউজে প্ৰকাশ কৰিছে। আনহাতে অহা ৩২ মাহত ৭০ হাজাৰ এ কে-২০৩ ৰাইফল ভাৰতীয় সেনাক গতাই দিয়া হ’ব। অহা ১০ বছৰত ৬ লাখ ১ হাজাৰ ৪২৭ ৰাইফল নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।

AK-203 Asult Rifle ৰ বৈশিষ্ট্যঃ

AK 203 ৰাইফল হৈছে AK ছিৰিজৰ আটাইতকৈ ঘাতক আৰু আধুনিক ৰাইফল। ইয়াত পৰম্পৰাগত এ কে ছিৰিজত থকা সকলো বৈশিষ্ট্য আছে। ২০১৮ চনত ৰাছিয়াই ইয়াক প্ৰস্তুত কৰিছিল। AK 203 এছাল্ট ৰাইফল সকলো বতৰতে লঘু আৰু ফলপ্ৰসূ। এই অস্ত্ৰৰে এক মিনিটত ৭০০ ৰাউণ্ড গুলীচালনা কৰিব পাৰি। ইয়াৰ পৰিসৰ ৫০০ৰ পৰা ৮০০ মিটাৰ। এটা মেগজিনৰ গুলীচালনাৰ ক্ষমতা ৩০ ৰাউণ্ড। এ কে ২০৩ এছাল্ট ৰাইফলৰ ওজন ৩.৮ কিলোগ্ৰাম। আনহাতে ইয়াৰ দৈৰ্ঘ্য ৭০৫ মিলিমিটাৰ।

You might also like