নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিগ–২১ৰ অপাৰেচন সাময়িকভাৱে স্থগিত

নিয়মীয়া বাৰ্তা, ২১ মে’: ভাৰতীয় বায়ুসেনাৰ পুৰণি মিগ–২১ বিমানৰ নিৰীক্ষণ চলি থকাৰ বাবে এই যুদ্ধ বিমানৰ অপাৰেচন সাময়িকভাৱে স্থগিত ৰখা হৈছে৷ ৰাজস্থানত অলপতে বায়ুসেনাৰ মিগ–২১ বিমান দুর্ঘটনাত পতিত হৈ তিনিজন লোকৰ মৃত্যু ঘটাৰ পিছতে পুৰণি হৈ যোৱা এই বিমান নিৰীক্ষণৰ বাবে বিমানৰ অপাৰেচন সাময়িকভাৱে স্থগিত ৰখা হৈছে বুলি বায়ুসেনাই প্রকাশ কৰিছে৷ মন কৰিবলগীয়া যে বিমানসমূহৰ নিৰীক্ষণ সম্পূর্ণ হোৱাৰ পিছতে অপাৰেচন আৰম্ভ কৰা হ’ব৷ বায়ুসেনাত মিগ–২১ অন্তর্ভুক্ত কৰাৰে পৰা এতিয়ালৈকে ৪০০টা দুর্ঘটনা সংঘটিত হৈছে৷

You might also like