নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালনোট আৰু নকল সোণৰ ব্যৱসায়ীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সবিশেষ ডিজিপিক জনোৱা নাছিল নগাঁও আৰু লখিমপুৰৰ দুই আৰক্ষী অধীক্ষকে

নিয়মীয়া বাৰ্তা, ২১ মে’: জালনোট আৰু নকল সোণ ব্যৱসায়ী চক্রৰ কবলত পৰি এগৰাকী সম্ভাৱনাপূর্ণ যুৱ আৰক্ষী বিষয়াৰ মৃত্যু হোৱাৰ অভিযোগ উঠাৰ সময়তে এই দুই চক্রৰ অপৰাধৰ বিষয়ে পূর্বৰে পৰা অজ্ঞ আছিল অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিং৷ নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে আৰু লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাই এই সন্দর্ভত পূর্বতে অৱগত কৰা নাছিল অসম আৰক্ষীৰ মুখ্য কার্যালয়ক৷   সংবাদ মেলত এই বিস্ফোৰক তথ্য সদৰী কৰে খোদ অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে৷ সাংবাদিকে নকল সোণ আৰু জালনোট চক্রৰ বিৰুদ্ধে পূর্বতে আৰক্ষীয়ে কিয় ব্যৱস্থা লোৱা নাছিল বুলি সোধা এক প্রশ্ণোত্তৰত সিঙে কয়– জোনমণি ৰাভাৰ দুর্ঘটনাটোৰ মাজনিশা নগাঁও আৰু লখিমপুৰৰ আৰক্ষী অধীক্ষকে মোক এই সন্দর্ভত সকলোখিনি অৱগত কৰিছিল৷ কিন্তু নকল সোণ আৰু জালনোট সন্দর্ভত ইতিমধ্যে সকলো গোচৰ ৰুজু হৈ গৈছিল৷ সেই অনুসৰি সকলো ব্যৱস্থাও দুয়োখন জিলাৰ আৰক্ষীয়ে লৈছিল৷ যদিহে মোক আগতেই সকলোখিনি কথা তেওঁলোকে জনালেহেঁতেন, তেন্তে আজিৰ এই পৰিণতি হয়তো নহ’লহেঁতেন৷ এই সন্দর্ভত বিশেষ মন্তব্য দিয়াৰ পৰা বিৰত থাকি তেওঁ কয়– যিয়েই নহওক, আৰক্ষীয়ে এই সিদ্ধান্ত ল’ব নালাগিছিল৷ মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে এই বিষয়টো এৰাই চলিব নালাগিছিল৷ অসম আৰক্ষীৰ সঞ্চালকপ্রধান সিঙৰ এই তথ্যৰ পিছত দুয়োখন জিলাৰ আৰক্ষী সন্দর্ভত স্বাভাৱিকতে এতিয়া প্রশ্ণ উত্থাপন হৈছে– অসম আৰক্ষীৰ মুখ্য কার্যালয়ক অৱগত নকৰাকৈ এগৰাকী সাধাৰণ উপ–পৰিদর্শক পর্যায়ৰ বিষয়াক কি কাৰণত বৃহৎ চক্র দুটাৰ বিৰুদ্ধে অভিযান চলাবলৈ নগাঁও আৰু লখিমপুৰ জিলাৰ আৰক্ষী ঊর্ধ্বতন কর্তৃপক্ষই অনুমতি দিলে৷

You might also like