নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাৱালা লেনদেনঃ অবৈধ ধনৰ লেনদেনৰ অভিযোগত দিল্লীৰ আপ চৰকাৰৰ স্বাস্থ্যমন্ত্রী সত্যেন্দৰ জৈনক গ্রেপ্তাৰ ইডিৰ

নিয়মীয়া বাৰ্তা, ৩১ মে’: দিল্লীৰ আপ চৰকাৰ তথা মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ স্বাস্থ্যমন্ত্রী সত্যেন্দৰ জৈনক আজি হাৱালা লেনদেনৰ অভিযোগত এনফ’চমেণ্ট ডিৰেক্টৰেট, চমুকৈ ইডিয়ে গ্রেপ্তাৰ কৰিছে৷ কলকাতাস্থিত কোম্পানীৰ সৈতে ২০১৫–১৬ চনত হাৱালা লেনদেনৰ অভিযোগত ইডিয়ে স্বাস্থ্যমন্ত্রী সত্যেন্দৰ জৈনক গ্রেপ্তাৰ কৰিছে৷ উল্লেখ্য যে ২০১৭ চনৰ আগষ্টত সত্যেন্দৰ জৈন আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে অবৈধ ধনৰ লেনদেনৰ অভিযোগত চিবিআয়ে গোচৰ ৰুজু কৰিছিল৷ ১.৬২ কোটিৰ অধিক ধনৰ অবৈধ লেনদেনৰ লগতে জৈন আৰু তেওঁৰ পৰিয়ালে চাৰিটাকৈ ছেল কোম্পানী স্থাপন কৰিছিল৷ কোনো প্রকৃত ব্যৱসায় নোহোৱাকৈ এই ছেল কোম্পানীকেইটাত পৰিয়ালটোৱে ২০১১–১২ চনত ১১.৭৮ কোটি টকা আৰু ২০১৫–১৬ চনত ৪.৬২ কোটি টকা লেনদেন কৰিছিল৷ এই অবৈধ ধনৰ লেনদেনক লৈ চিবিআইৰ এফ আই আৰৰ আধাৰত ইডিয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে আৰু আজি স্বাস্থ্যমন্ত্রী জৈনক গ্রেপ্তাৰ কৰে৷ লক্ষণীয় যে ইডিয়ে অলপতে আকিনছন ডেভেলপার্ছ প্রাইভেট লিমিটেড, ইণ্ডোমেটেল ইমপেক্স প্রাইভেট লিমিটেড, পৰিয়াছ ইনফোছলুচন প্রাইভেট লিমিটেড, মংগালায়াতন প্রজেক্টছ প্রাইভেট লিমিটেড, জেজে আইডিয়েল ইষ্টেট প্রাইভেট লিমিটেড আৰু স্বাতি জৈন, সুশীলা জৈন আৰু ইন্দু জৈনৰ ৪.৮১ কোটি টকাৰ সম্পত্তি জব্দ কৰিছিল৷

উল্লিখিত তিনিওগৰাকী মহিলাই সত্যেন্দৰ জৈনৰ সম্পর্কীয়৷ ইপিনে, দিল্লীৰ স্বাস্থ্যমন্ত্রী জৈনক ইডিয়ে গ্রেপ্তাৰ কৰাক লৈ তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে দিল্লীৰ উপ–মুখ্যমন্ত্রী মনীষ ছিছোদিয়াই৷ টুইটাৰযোগে উপ–মুখ্যমন্ত্রী ছিছোদিয়াই কয় যে হিমাচল প্রদেশত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখিয়ে আজি সন্ধিয়া সত্যেন্দৰ জৈনক গ্রেপ্তাৰ কৰা হৈছে৷ কিয়নো সত্যেন্দৰ জৈন ৰাজ্যখনৰ আপৰ দায়িত্বত আছে৷ ছিছোদিয়াই টুইটত পুনৰ কয়– বিগত আঠ বছৰ ধৰি সত্যেন্দৰ জৈনৰ বিৰুদ্ধে ভুৱা গোচৰ চলাই থকা হৈছে৷ এতিয়ালৈকে ইডিয়ে কেইবাবাৰো মাতিছে৷ ইয়াৰ মাজতে কিছুবছৰ ধৰি ইডিয়ে মাতিবলৈ বন্ধ কৰিছে৷ কিয়নো ইডিয়ে একো তথ্য লাভ কৰা নাছিল৷ এতিয়া তেওঁলোকে পুনৰ আৰম্ভ কৰিছে৷ কাৰণ সত্যেন্দৰ জৈন হিমাচল প্রদেশৰ নির্বাচনৰ দায়িত্বত আছে৷ তদুপৰি ছিছোদিয়াই কয় যে হিমাচলত বিজেপি শোচনীয়ভাৱে পৰাজিত হ’বলৈ গৈ আছে৷ সেইকাৰণেই জৈনক গ্রেপ্তাৰ কৰা হৈছে যাতে তেওঁ হিমাচললৈ যাব নোৱাৰে৷ অতিশীঘ্রেই তেওঁ মুক্তি লাভ কৰিব৷ কিয়নো তেওঁৰ গোচৰ সম্পূর্ণ ভুৱা৷

মন কৰিবলগীয়া যে দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালে চলিত বর্ষৰ জানুৱাৰী মাহত এক দলীয় সমাৱেশত তেওঁৰ সতীর্থ মন্ত্রী সত্যেন্দৰ জৈনক ষড়যন্ত্র কৰি ইডিয়ে গ্রেপ্তাৰ কৰিব বুলি মন্তব্য কৰিছিল৷ তাৎপর্যপূর্ণ যে কেন্দ্রত শাসনাধিষ্ঠিত প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন এনডিএ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ থকা মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালকে ধৰি অবিজেপি শাসিত ৰাজ্য পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী, তেলেংগানাৰ কে চন্দ্রশেখৰ ৰাওৰ চৰকাৰৰ বিৰুদ্ধে কেন্দ্রীয় সংস্থাসমূহ ষড়যন্ত্রমূলকভাৱে কেন্দ্রীয় চৰকাৰখনে ব্যৱহাৰ কৰি আহিছে৷ দিল্লীৰ স্বাস্থ্যমন্ত্রী জৈনৰ গ্রেপ্তাৰো এনে কাৰণতে হোৱা বুলি চর্চিত হৈছে৷

You might also like