নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

World No Tobacco Day: ধূমপান ইমান ক্ষতিকাৰক কিয়?

সকলোৱে জানে যে চিগাৰেট-বিড়ি আসক্তি অতি ক্ষতিকাৰক। কিন্তু কোনেও এই কথাক গ্ৰহণ কৰিব নিবিচাৰে। অথচ এই অভ্যাসে দৈনন্দিন জীৱনত যথেষ্ট ক্ষতি কৰিব পাৰে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তথ্য মতে, দেশত বছৰি ৯,৩০,০০০ লোকৰ মৃত্যু হয় কেৱল চিগাৰেট সেৱন কৰি। প্ৰতি বছৰে, ধূমপানৰ ফলত পৃথিৱীত ৭০ লাখ লোকৰ মৃত্যু হয়। এক সমীক্ষা মতে দেশত প্ৰতি ৩জন প্ৰাপ্তবয়স্কৰ ভিতৰত ১ জন ধূমপান কৰে। ইফালে ১৯৬০ চনৰ পৰা বিশ্বত ধপাত বিৰোধী অভিযান চলি আছে।

কিন্তু ধূমপান ইমান ক্ষতিকাৰক কিয়? সেইটো জনা প্ৰয়োজন। ধূমপানৰ বাবে শৰীৰত কি ক্ষতিকাৰক বস্তু প্ৰৱেশ কৰি আছে?

  • চিগাৰেট বিড়িৰ মুখ্য উপাদানবোৰত আৰ্চেনিক, এমনিয়া, ডিডিটি, এচিটোন, কেডমিয়াম, নিকোটিনকে ধৰি প্ৰায় ৭,০০০ বিষাক্ত পদাৰ্থ থাকে।
  • চিগাৰেট-বিড়িৰ ধোঁৱাত থকা কাৰ্বন মনোক্সাইডে শৰীৰৰ বিভিন্ন অংশত বিভিন্ন ৰোগ সৃষ্টি কৰিব পাৰে।
  • চিগাৰেট হৈছে মুখ, কণ্ঠ, শ্বাসনলী, খাদ্যনলী, পাকস্থলী, মূত্ৰাশয়ত কৰ্কট ৰোগৰ এক মুখ্য কাৰণ।
  • হৃদৰোগৰ ফলত মৃত্যুৰ অন্যতম কাৰণ হৈছে ধূমপান।
  • ১ টা চিগাৰেটে গড়ে ৭.৫ মিনিটকৈ আয়ুষ কমায়। দিনে ১০ টা চিগাৰেট খোৱাৰ অৰ্থ হৈছে জীৱনৰ পৰা দিনে ৭৫ মিনিট সময় কমি যোৱা।
  • বিড়ি-চিগাৰেটৰ ধোঁৱা হৈছে চকুৰ সমস্যা আৰু ৰেটিনা ৰোগৰ কাৰণ।
  • চিগাৰেট আৰু বিড়িৰ ধোঁৱাই পেৰিফ্ৰেল ভাস্ক্যুলাৰ ৰোগৰ আশংকা বৃদ্ধি কৰে। এই ৰোগটোৱে ভৰিৰ ৰক্তনলীবোৰ সংকুচিত কৰি ৰক্ত সঞ্চালন হ্ৰাস কৰে। ফলস্বৰূপে, খোজ কাঢ়িলে ভৰিত বিষ হয়।
You might also like