নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০১৯ৰ মিছ ইণ্ডিয়া দিল্লী মানসীৰ আপত যোগদান

নিয়মীয়ী বাৰ্তা ২ মাৰ্চঃ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ সু–শাসন আৰু বিধায়ক ৰাঘৱ চাদ্ধাৰ কাম–কাজত সন্তুষ্ট হৈ আম আদমী পার্টীত যোগদান কৰিছে ২০১৯ৰ মিছ ইণ্ডিয়া দিল্লী মানসী ছেহগালে৷ আজি আম আদমী পার্টীত যোগদান কৰি ছেহগালে কয় যে দিল্লীত শিক্ষা আৰু স্বাস্থ্য খণ্ডত কেজৰিৱালে যি নীতি গ্রহণ কৰিছে সেয়া কেন্দ্রীয়শাসিত ৰাজ্যখনৰ সমৃদ্ধিৰ মূল স্তম্ভ হিচাপে চিহ্ণিত হৈছে৷

অৰবিন্দ কেজৰিৱালৰ দ্বাৰা বাৰুকৈয়ে অনুপ্রাণিত হোৱা বুলি উল্লেখ কৰি মানসী ছেহগালে কয় যে ভৱিষ্যতে আম আদমী পার্টীৰ মজিয়াৰ পৰাই জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰি যাব৷ লক্ষণীয়ভাৱে দেশৰ মহিলা আৰু যুৱকসকলকো ৰাজনীতিত অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছে মানসী ছেহগালে৷ মানসী ছেহগালক দলৰ মজিয়ালৈ আনিছে বিধায়ক ৰাঘৱ চাদ্ধাই৷

You might also like