নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধ হ’ব হাজোৰ ধান গৱেষণা কেন্দ্র, দুই বিজ্ঞানীক বদলিত অচলাৱস্থা

অসমক কেন্দ্রীয় চৰকাৰৰ আন এক বৃহৎ প্রৱঞ্চনা

নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ নির্বাচনৰ দিন চমু চাপি অহাৰ সময়তে পোহৰলৈ আহিছে কেন্দ্রীয় চৰকাৰৰ আন এক বৃহৎ প্রৱঞ্চনাৰ কাহিনী৷ বিগত ২৩ বছৰে অসমৰ কৃষিখণ্ডলৈ প্রভূত বৰঙণি আগবঢ়াই অহা এটা গৱেষণা প্রতিষ্ঠান পর্যায়ক্রমে বন্ধৰ চক্রান্ত ৰচনা কৰা হৈছে৷ কামৰূপ জিলাৰ হাজোত অৱস্থিত ‘ৰিজ’নেল ৰেইনফেড ল’লেণ্ড ৰাইচ ৰিছার্চ ষ্টেচন’টো স্থায়ীভাৱে বন্ধৰ উদ্দেশ্য লৈ কর্মৰত দুগৰাকী বিজ্ঞানীক ইতিমধ্যে প্রতিষ্ঠানটোৰ পৰা বদলি কৰা হৈছে৷ বর্তমান গৱেষণা প্রতিষ্ঠানটোত কর্মৰত আন কর্মচাৰীসকলো গভীৰ অনিশ্চয়তাৰ সন্মুখীন হৈছে৷ উল্লেখ্য যে অসমৰ কৃষিভূমিৰ এটা বৃহৎ অংশ দ’ ভূমি হোৱা বাবে উৎপাদনৰ ক্ষেত্রত বিৰূপ প্রভাৱ পৰি আহিছিল৷ এনে পৰিস্থিতিত অসমৰ বতৰ আৰু ভৌগোলিক পৰিৱেশৰ লগত খাপ খোৱাকৈ ধানৰ প্রজাতি উদ্ভাৱনৰ বাবে হাজোত স্থাপন কৰা হৈছিল ‘ৰিজ’নেল ৰেইনফেড ল’লেণ্ড ৰাইচ ৰিছার্চ ষ্টেচন’৷ নেচনেল ৰাইচ ৰিছার্চ ইনষ্টিটিউটৰ অন্তর্গত এই গৱেষণা কেন্দ্রটোৱে ১৯৯৭ চনত প্রতিষ্ঠাৰ সময়ৰে পৰা ধনখেতিৰ ক্ষেত্রত বিশেষ অৰিহণা যোগাই আহিছে৷ বিশেষকৈ আগতীয়া আহু আৰু বানৰ পাছত কৰিব পৰা শালি ধানৰ কেইবাটাও প্রজাতি হাজোৰ গেৰুৱাত থকা এই গৱেষণা প্রতিষ্ঠানটোৱে উদ্ভাৱন কৰি উলিয়াইছিল৷

ইয়াৰ ভিতৰত কেইটামান উল্লেখযোগ্য ধানৰ প্রজাতি হ’ল নবীন, চন্দ্রমা, চি আৰ–৯০৯, সহভাগী, অভিষেক ইত্যাদি৷ আনহাতে, চি আৰ–৩০৯, চি আৰ–৩১০, চি আৰ–৩১১, চি আৰ–৮০১, চি আৰ–৮০২ আদি ধানৰ খেতি কৰি অসমৰ দ’ কৃষিভূমি থকা ঠাইসমূহত কৃষকে যথেষ্ট সকাহ লাভ কৰিবলৈ সক্ষম গৈছে৷ এনে এটা প্রতিষ্ঠানেই এতিয়া চিৰকাললৈ বন্ধ কৰি দিয়াৰ প্রস্তুতি চলাই থকা হৈছে৷ এই ঘটনা পোহৰলৈ আহিছে আই চি এ আৰ–নেচনেল ৰাইচ ৰিছার্চ ইনষ্টিটিউটৰ এখন অফিচ মেম’ৰেণ্ডামৰ জৰিয়তে৷ এই কার্যালয় স্মাৰকত কটকস্থিত নেচনেল ৰাইচ ৰিছার্চ ইনষ্টিটিউটৰ শস্য বিজ্ঞান শাখাত কেৱল দুটা আঞ্চলিক গৱেষণা কেন্দ্রৰ বিষয়ে উল্লেখ কৰা হৈছে৷ হাজাৰীবাক আৰু নাইৰাত থকা গৱেষণা কেন্দ্র দুটাৰ বিষয়ে কার্যালয় স্মাৰকত উল্লেখ কৰা হৈছে যদিও হাজোৰ কেন্দ্রটোৰ কথা ঘুনাক্ষৰেও উল্লেখ নাই৷ গুৰুত্বপূর্ণ কথাটো গ’ল হাজোত থকা ‘ৰিজ’নেল ৰেইনফেড ল’লেণ্ড ৰাইচ ৰিছার্চ ইনষ্টিটিউট’টো বর্তমান তেনেই সীমতসংখ্যক বিজ্ঞানী আৰু কর্মচাৰীৰে চলি আছে৷ তাৰ পৰাও দুগৰাকী জ্যেষ্ঠ বিজ্ঞানীক ইতিমধ্যে বদলি কৰা হৈছে গোগামুখত স্থাপন হৈ থকা ইণ্ডিয়ান এগ্রিকালচাৰ ৰিছার্চ ইনষ্টিটিউটলৈ৷ তাত থকা এটা অস্থায়ী গৃহত তেওঁলোকক বহিবলৈ দিয়া হৈছে যদিও গৱেষণাৰ বাবে প্রয়োজনীয় লেবৰেটৰী এতিয়াও নির্মাণ হৈ উঠা নাই৷

কেতিয়ালৈ গোগামুখৰ প্রতিষ্ঠানটো গৱেষণাৰ উপযোগী হৈ উঠে, সেয়া এতিয়াও অনিশ্চয়তাৰ মাজতে আছে৷ এনে এটা নির্মীয়মাণ অৱস্থাত থকা প্রতিষ্ঠানৰ লগত বিগত ২৩ বছৰে সেৱা আগবঢ়াই অহা ‘ৰিজ’নেল ৰেইনফেড ল’লেণ্ড ৰাইচ ৰিছার্চ ইনষ্টিটিউট’ বিলীন কৰি দিয়া হ’ব নেকি, তাক লৈও এতিয়া প্রশ্ণ উত্থাপন হৈছে৷ ইফালে, গোগামুখৰ ইণ্ডিয়ান এগ্রিকালচাৰ ৰিছার্চ ইনষ্টিটিউটৰ লগত বিহাৰৰ হাজাৰীবাগত আন এটা একেই প্রতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ সেয়া আছিল ২০১৭ চনৰ কথা৷ হাজাৰীবাগৰ প্রতিষ্ঠানটোৰ নির্মাণ সম্পূর্ণ হোৱাৰ লগতে তাত শিক্ষাদান আৰু গৱেষণাও চলি আছে৷ অথচ গোগামুখৰ ভাৰতীয় কৃষি গৱেষণা কেন্দ্রৰ নির্মাণ এতিয়াও সুদূৰপৰাহত হৈ ৰৈছে৷ এনে পৰিস্থিতিত অসমৰ প্রতিষ্ঠানটোৰ নামত নতুন দিল্লীত বহিঃৰাজ্যৰ ১৫গৰাকী ছাত্র–ছাত্রীক পাঠদান কৰি থকা হৈছে৷ এনে এটা শ্রেণীকোঠা নথকা প্রতিষ্ঠানত হাজোৰ ধান গৱেষণা কেন্দ্রটো বিলীন কৰি দিয়াৰ পৰিকল্পনাক কৃষি বিশেষজ্ঞসকলে মুঠেও সহজভাৱে ল’ব পৰা নাই৷ কিয়নো হাজাৰীবাগৰ কৃষি গৱেষণা প্রতিষ্ঠান আৰু ধান গৱেষণা কেন্দ্র দুয়োটাই স্বতন্ত্রভাৱে চলি আছে৷ ইয়াৰ বিপৰীতে অসমত অসম্পূর্ণ হৈ থকা কৃষি গৱেষণা প্রতিষ্ঠানৰ লগত হাজোৰ ধান গৱেষণা কেন্দ্রটো বিলোপ কৰি দিব বিচৰা হৈছে৷ এয়া হৈছে কেন্দ্রীয় চৰকাৰৰ বৃহৎ প্রৱঞ্চনাৰ অন্যতম শেহতীয়া উদাহৰণ৷

You might also like