নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ বছৰত দেশত ‘ন’টা’ত সাব্যস্ত ১.২৯ কোটি ভোট

নিয়মীয়া বাৰ্তা,৫ আগষ্টঃ দেশৰ নির্বাচনত ভোটদানৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পোৱাটো গণতন্ত্রৰ প্রতি শুভলক্ষণ বুলি বিভিন্ন সময়ত চৰকাৰে ঘোষণা কৰি আহিছে৷ কিন্তু নির্বাচনত প্রার্থীৰ প্রতি অনাস্থা ভোটাৰসকলৰ মাজত বৃদ্ধি পোৱাটোও পৰিলক্ষিত হৈছে৷ বিগত ৫ বছৰত দেশৰ সাধাৰণ তথা ৰাজ্যসমূহৰ বিধানসভা নির্বাচনত ইলেক্ট্রনিক ভোটিং মেচিন (ইভিএম)ৰ ‘ন’টা’ বুটামত ১ কোটি ২৯ লাখ লোকে ভোটদান কৰিছে৷ এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফর্মছ (এডিআৰ) নামৰ সংস্থাটোৱে সদৰী কৰিছে এই তথ্য৷

উল্লেখনীয় যে এডিআৰ আৰু নেচনেল ইলেকচন ৱাটছ (এনইডব্লিউ)য়ে ২০১৮ৰ পৰা ২০২২ চনলৈ বিভিন্ন নির্বাচনত ‘ন’টা’ বুটামত সাব্যস্ত হোৱা ভোটৰ ওপৰত বিশ্লেষণ আগবঢ়াই এই তথ্য প্রকাশ কৰিছে৷ এডিআৰৰ প্রতিবেদন অনুসৰি বিধানসভা নির্বাচনসমূহত এই সময়ছোৱাত ‘ন’টা’ বুটামত ভোট সাব্যস্ত হৈছে ৬৪,৫৩,৬৫২৷ ইফালে লোকসভা নির্বাচনত বিহাৰৰ গোপালগঞ্জ সমষ্টিত ৫১,৬৬০টা ভোট ‘ন’টা’ বুটামত সাব্যস্ত হৈছিল৷ প্রতিবেদন অনুসৰি নির্বাচনসমূহত ১.০৬ শতাংশ ভোট ‘ন’টা’ৰ সপক্ষত পৰিছে৷ ইয়াৰ দ্বাৰা স্পষ্ট হৈছে যে পছন্দৰ প্রার্থী নথকাৰ বাবে ভোটাৰৰ মাজত নেতিবাচক ভোট প্রদানৰ মানসিকতা বৃদ্ধি পাইছে৷

You might also like