নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইবিৰ সতর্কবাণী: স্বাধীনতা দিৱসৰ পূর্বে সন্ত্রাসবাদীয়ে কূটাঘাত চলাব দিল্লীত

নিয়মীয়া বাৰ্তা,৫ আগষ্টঃ দেশজুৰি ৭৫সংখ্যক স্বাধীনতা দিৱস পালনৰ প্রস্তুতি চলিছে৷ ইয়াৰ মাজতে দিল্লী আৰক্ষীক সন্ত্রাসবাদীয়ে আক্রমণ চলাব পাৰে বুলি সতর্কবাণী কৰিলে চোৰাংচোৱা ব্যুৰ’ (আইবি)এ৷ আইবিৰ তৰফৰ পৰা সতর্কবাণী কৰা হৈছে যে স্বাধীনতা দিৱসৰ পূর্বে লস্কৰ–ই–তৈবা, জইচ–ই–মহম্মদৰ দৰে সন্ত্রাসবাদী সংগঠনবোৰে ৰাজধানী দিল্লীত কূটাঘাত সংঘটিত কৰিব পাৰে৷ লালকিল্লাৰ চৌদিশে নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰি তুলিবলৈ দিল্লী আৰক্ষীক নির্দেশো দিয়ে আইবিয়ে৷

আইবিৰ এই সতর্কবাণী লাভ কৰাৰ পাছতে দিল্লী আৰক্ষীয়ে লালকিল্লাৰ সংলগ্ন অঞ্চলসমূহত এহেজাৰৰো অধিক চিচি টিভি কেমেৰা স্থাপন কৰিছে৷ আইবিৰ তৰফৰ পৰা ১০ পৃষ্ঠাৰ এক প্রতিবেদনত উল্লেখ কৰা হৈছে যে ১৫ আগষ্টৰ পূর্বেই পাকিস্তানত আশ্রয় লৈ থকা কুখ্যাত সন্ত্রাসবাদী সংগঠনবোৰে দিল্লীৰ বিভিন্ন স্থানত কূটাঘাতৰ পৰিকল্পনা চলাব পাৰে৷ লালকিল্লাৰ সমীপৱর্তী অঞ্চলসমূহত লস্কৰ–ই–তৈবা আৰু জইচ–ই–মহম্মদে ভয়াৱহ কূটাঘাতৰ চেষ্টা চলাব পাৰে বুলিও প্রতিবেদনত উল্লেখ কৰা হৈছে৷ লক্ষণীয়ভাৱে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আয়ে স্বাধীনতা দিৱসৰ পূর্বে ৰাজধানী দিল্লী ৰক্তাক্ত কৰাৰ ষড়যন্ত্র চলোৱা বুলি প্রতিবেদনত ঘোষণা কৰা হৈছে৷

You might also like