নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮ বছৰত তালাচীত ১ লাখ কোটিৰ সম্পত্তি জব্দ ইডিৰ

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰ: কংগ্রেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ তুলনাত ২০১৪ৰ পৰা ২০২২ চনলৈকে এনডিএ চৰকাৰৰ কার্যকালত ব্যৱসায়ী–ৰাজনীতিক আৰু আমোলাৰ বিৰুদ্ধে এনফ’চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিৰ তালাচী অভিযান ২৭গুণ বৃদ্ধি পাইছে৷ ২০০৪ৰ পৰা ২০১৪লৈকে ১১২ তালাচী অভিযান চলোৱাৰ বিপৰীতে ২০১৪ৰ পৰা ২০২২ চনলৈকে ইডিয়ে ৩০০০ অভিযান চলাইছে৷ দেওবাৰে কলকাতাস্থিত ম’বাইল গেমিং এপ প্রৱঞ্চনাৰ ব্যৱসায়ী এজনৰ পৰা ১৭ কোটি নগদ ধন জব্দ কৰাৰ পূর্বে পশ্চিমবংগৰ মন্ত্রী পার্থ চেটার্জীৰ সহযোগী অর্পিতা মুখার্জীৰ পৰা প্রায় ৫০ কোটি নগদ ধন উদ্ধাৰ কৰিছিল৷

তথ্য মতে ২০২২ৰ ৩১মার্চলৈকে ইডিয়ে দেশজুৰি ১ লাখ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে৷ ইয়াৰে ভিতৰত ৫৭ হাজাৰ কোটি টকা বেংক প্রৱঞ্চনা আৰু পঞ্জী কেলেংকাৰিৰ৷ ইডিৰ ৱেবছাইটত প্রকাশিত তথ্য মতে ১৭ বছৰত সংস্থাটোৱে পিএমএলএৰ অধীনত ৫৪২২টা গোচৰ ৰুজু কৰিছে৷ ইয়াৰে মাত্র ২৫জনকহে দোষী সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷ ইডিয়ে জব্দ কৰা ধনসমূহ নিজৰ হাতত ৰাখিছে যদিও জব্দ কৰা কিছু সম্পত্তি বেংকৰ হাতত গতাই দিছে৷

You might also like