নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভাতে তৃণমূলৰ সাংসদ দীনেশ ত্রিবেদীৰ পদত্যাগ

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছত আন এক মোক্ষম আঘাত৷ চলিত বাজেট অধিৱেশনত ৰাজ্যসভাত আজি তৃণমূল কংগ্রেছৰ সাংসদ দীনেশ ত্রিবেদীয়ে নাটকীয়ভাৱে পদত্যাগ কৰে৷ পশ্চিমবংগৰ বিধানসভা নির্বাচনৰ দিন ঘোষণাৰ কাউণ্ট ডাউন আৰম্ভ হোৱাৰ সময়তে উচ্চ সদনৰ মজিয়াত টি এম চি সাংসদ ত্রিবেদীৰ পদত্যাগক লৈ ব্যাপক চর্চা চলিছে৷

ৰাজ্যখনত চলি থকা ৰাজনৈতিক হিংসাক লৈ অসহায় হৈ পৰাৰ অনুভৱ ব্যক্ত কৰি সাংসদ ত্রিবেদীয়ে কয়– ‘বংগত যি ধৰণৰ হিংসা চলি আছে, ই গণতন্ত্রৰ প্রতি ভাবুকি৷ মই ভাবোঁ ইয়াত আসন লৈ থকাটো আশ্চর্যকৰ৷ মই ভাবোঁ যে মই কি কৰা উচিত৷ মই ৰবীন্দ্রনাথ ঠাকুৰৰ কথা ভাবোঁ৷ দলীয় শৃংখলা মানি চলোঁ৷ অৱশ্যে কিন্তু মই ভাবোঁ দমনৰ সন্মুখীন হৈছোঁ৷ মোৰ আত্মাই কৈ আছে, মই ইয়াত বহি আছোঁ আৰু একো কোৱা নাই৷ কি পইণ্ট? মই পদত্যাগ কৰোঁ৷’

চলিত বাজেট অধিৱেশনৰ বাজেট বিতর্কত অংশ লৈ সাংসদ ত্রিবেদীয়ে নীৰৱে বহি থকাতকৈ পদত্যাগ কৰাটোৱেই শ্রেষ্ঠ বুলি মানি পদত্যাগ কৰে৷ সাংসদ ত্রিবেদীয়ে কয়– আমাৰ মাতৃভূমিৰ কাৰণে মই ইয়ালৈ আহিছোঁ৷ ইয়ালৈ প্রেৰণ কৰাৰ বাবে দলৰ প্রতি কৃতজ্ঞ৷ এই মন্তব্যৰে পদত্যাগ ঘোষণাৰ পাছতে সাংসদ ত্রিবেদীয়ে তেওঁৰ পদত্যাগ পত্র ৰাজ্যসভাৰ সভাপতি তথা উপ–ৰাষ্ট্রপতি এম ভেংকায়া নাইডুৰ হাতত অর্পণ কৰে৷ মন কৰিবলগীয়া যে ২০১৯ চনত বৰাকপুৰ লোকসভা সমষ্টিত পৰাজিত হোৱাৰ পাছত জ্যেষ্ঠ নেতা দীনেশ ত্রিবেদীক বিগত বর্ষত দলটোৱে ৰাজ্যসভালৈ মনোনীত কৰিছিল৷

You might also like