নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬/১১ বর্ষপূর্তিঃ মুম্বাই আক্ৰমণৰ বাৰটা বছৰ সম্পূৰ্ণ

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ চাওতে চাওতে পাৰ হৈ গ’ল ১২ টা বছৰ৷ ২০০৮ চনৰ ২৬ নৱেম্বৰ । আজিৰ এই দিনটোতে পাকিস্তানৰ পৰা অহা সাগৰীয় পথেৰে লস্কৰ-ই-তৈবাৰ ১০ জনীয়া সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে চলোৱা এই আক্ৰমণত নিহত হৈছিল ১৬৪ জন বিপৰীতে আহত হৈছিল অন্তত ৩০৮ জনকৈ লোক৷ যাৰ বাবে এই ক’লা দিনটো আজিও পাহৰিব পৰা নাই সমগ্ৰ ভাৰতবাসীয়ে।

ইপিনে ভাৰতীয় নিৰাপত্তা বাহিনীৰ হাতত এই ১০ জনীয়া সন্ত্ৰাসবাদী দলটোৰ ৯ টা সন্ত্ৰাসবাদীয়ে প্ৰাণ হেৰুৱায় । অৱশ্যে ইয়াৰে এটা সন্ত্ৰাসবাদী আজমল কাছভক জীৱিত ভাৱে আটক কৰে নিৰাপত্তা বাহিনীয়ে । পাছত আজমল কাছভকো ফাঁচীৰ শাস্তি প্ৰদান কৰা হয় ।

মুম্বাইৰ ১০ খনকৈও অধিক মুখ্যস্থানত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে ৷ ছত্রপতি শিবাজী টার্মিনাছ, ওবেৰয় ট্রাইডেন্ট, তাজ হোটেল, লিওপোল্ড কেফে, কামা হাস্পতাল, নৰিমেন হাউছ, ইহুদি কমিউনিটি চেন্টাৰ, মেট্রো এডলেবছ আৰু টাইমছ অফ ইন্ডিয়া ভৱন আৰু চেন্ট জেভিয়াৰ্ছ কলেজৰ কাষৰ এক গলি।

মুম্বাই আক্ৰমণৰ বাবে দেশজুৰি সমোলোচনাৰ সন্মুখিন হয় পাকিস্তান৷ চাপত পৰি অৱশেষত ২০০৯ চনৰ ৭ জানুৱাৰীত পাকিস্তানৰ তথ্যমন্ত্রী শ্বেৰী ৰহমানে চৰকাৰীভাবে স্বীকাৰ কৰে যে, আজমল কাছভ পাকিস্তানৰ নাগৰিক।

উল্লেখ্য যে এই ভয়াবহ আক্ৰমণৰ দ্বাদশ  বৰ্ষপূৰ্তি উপলক্ষে মুম্বাই আৰক্ষীয়ে আয়োজন কৰিছে বিশেষ অনুষ্ঠানৰ ৷

You might also like