নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়াতো ইমান কন্দা নাছিল যিমান প্ৰতিযোগীৰ কৰুণ কাহিনী শুনি উচুপিল নেহা

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ  নেহা ককড়, বলিউদৰ এগৰাকী জনপ্ৰিয় তাৰকা গায়িকা। গায়িকা হিচাপে যথেষ্ট জনপ্ৰিয় নেহা। লগতে ইণ্ডিয়ান আইডলৰ বিচাৰক হিচাপেও প্ৰসিদ্ধ নেহা। ইণ্ডিয়ান আইডলৰ ১২ সংখ্যক ছীজন অহা ২৮ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব। ইয়াৰ মাজতে ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত নেহাই এগৰাকী প্ৰতিযোগীক এক লাখ টকা আৰ্থিক অনুদান দিছে।

দৰাচলতে ছনি টিভিয়ে ইণ্ডিয়ান আইডলৰ প্ৰতিযোগীতাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত প্ৰতিযোগীৰ জীৱনৰ কাহিনী গম পাই নেহা ভাবুক হৈ পৰে। তাৰ পিছতেই আৰ্থিক সহায় আগবঢ়ায় নেহাই। জয়পুৰৰ প্ৰতিযোগী শ্বাহজাদ আলীৰ নিজৰ ঘৰ নাই। শ্বাহজাদৰ পিতৃ-মাতৃ সৰুতে মৃত্যু হৈছিল। জয়পুৰৰ এখন সৰু কাপোৰৰ দোকানত কাম কৰে শ্বাহজাদে। শ্বাহজাদে ইণ্ডিয়ান আইডলৰ বাছনি প্ৰক্ৰিয়ালৈ আহিবলৈ ৫ হাজাৰ টকা ঋণ লবলগীয়া হৈছিল। এই কথা শুনিয়েই ভাবুক হৈছিল নেহা তাৰ, পিছতেই একলাখ টকা আগবঢ়ায় শ্বাহজাদে।

You might also like