নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাত বছৰে নিজ কন্যাৰে অপকৰ্ম লম্পট পিতৃৰ

🔹 ১৪১ বছৰৰ কাৰাদণ্ড : ৭ লাখ ৮৫ হাজাৰ টকা জৰিমনা আদালতৰ

নিউজ ডেস্ক, ৩০ নৱেম্বৰ : বছৰ বছৰ ধৰি নিজ কন্যাক ধৰ্ষণ ! ঘৰত মাতৃ নথকাৰ সুযোগ পালেই জঁপিয়াই পৰে লম্পট পিতৃ। বছৰ বছৰ ধৰি চলি আছিল এই অত্যাচাৰ। শেহতীয়াকৈ এই ঘটনাত অভিযুক্ত পিতৃক ১৪১ বছৰৰ কাৰাদণ্ড বিহে আদালতে। কেৱল সেয়াই নহয়, কলংকিত এই ব্যক্তিজনক ৭ লাখ ৮৫ হাজাৰ টকা জৰিমনাও বিহা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি ভুক্তভোগী আৰু দোষী তামিলনাডুৰ বাসিন্দা। ২০১৭ চনৰ পৰা অভিযুক্তই নাবালিকা কন্যাক ধৰ্ষণ কৰি আহিছিল। যেতিয়াই নাবালিকাগৰাকীৰ মাতৃ ঘৰত নাথাকে, তেতিয়াই ছোৱালীজনীক যৌন নিৰ্যাতন চলাইছিল পিতৃয়ে। তদুপৰি ঘটনা সন্দৰ্ভত কাকো নজনাবলৈ মৃত্যুৰ ভাবুকিও দিয়া হৈছিল। অৱশেষত এই ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে বন্ধুক বিৱৰি কয়। বন্ধুৰ পৰামৰ্শ মতে পিছত মাতৃক সকলো কথা জনোৱা হয়। ইয়াৰ পিছতে মাতৃ-কন্যা দুয়ো অভিযুক্তৰ বিৰুদ্ধে থানাত লিখিত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। POCSO আইনৰ উপৰি ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত অভিযোগ দাখিল কৰা হয়। এই গোচৰ ফাষ্ট ট্ৰেক আদালতলৈ যায়। অৱশেষত ন্যায়াধীশে অভিযুক্তক দোষী সাব্যস্ত কৰি ১৪১ বছৰৰ কাৰাদণ্ড বিহে। আদালতে ২৯ নৱেম্বৰত দিয়া ৰায় অনুযায়ী দোষীয়ে ৪০ বছৰৰ কাৰাদণ্ড ভুগিব, যিটো নিয়মৰ অধীনত সৰ্বোচ্চ শাস্তি। ইয়াৰ পিছত বাকী শাস্তি অপৰাধীৰ ওপৰত পৰ্যায়ক্ৰমে প্ৰয়োগ কৰা হ’ব। তদুপৰি লম্পট ব্যক্তিজনক জৰিমনা বিহা হৈছে ৭ লাখ ৮৫ হাজাৰ টকা।

You might also like