নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীনগৰত সন্ত্রাসবাদীৰ আক্রমণত শ্বহীদ ২ জোৱান

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ জম্মু–কাশ্মীৰৰ শ্রীনগৰত বৃহস্পতিবাৰে সন্ত্রাসবাদীৰ ভয়াৱহ আক্রমণত দুজন চিআৰপিএফ জোৱান শ্বহীদ হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়৷ আহত জোৱান দুজনক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷

কাশ্মীৰৰ আই জি পি বিজয় কুমাৰে প্রকাশ কৰা মতে শ্রীনগৰ বাৰামূলা ঘাইপথৰ লাৱাইপৰাত পেট্র’লিং কৰি থকা চিআৰপিএফৰ কনভয়ত সন্ত্রাসবাদীয়ে আক্রমণ চলায়৷ এই আক্রমণৰ সময়ত চিআৰপিএফে সন্ত্রাসবাদীক প্রত্যুত্তৰ দিয়ে যদিও আক্রমণকাৰী পলাই যাবলৈ সক্ষম হয়৷ পলাবলৈ সক্ষম হোৱা সন্ত্রাসবাদীয়ে জোৱানৰ পৰা ৰাইফল এটাও কাঢ়ি লৈ যায়৷ এই আক্রমণত দুর্ধর্ষ সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবা জড়িত আছে৷

শ্বহীদ হোৱা চিআৰপিএফ দুজনক সহকাৰী উপ–পৰিদর্শক মোংগা ৰাম বর্মন (ত্রিপুৰা)ৰ বুলি চিনাক্ত কৰিছে যদিও আন এজনৰ তথ্য এতিয়াও প্রকাশ কৰা নাই৷ আক্রমণৰ পিছতে নিৰাপত্তা বাহিনীয়ে সমগ্র অঞ্চলটো ঘেৰাও কৰি সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলাই আছে৷

মন কৰিবলগীয়া যে বিগত দুমাহ ধৰি জম্মু–কাশ্মীৰত নিৰাপত্তা বাহিনীৰ ওপৰত সন্ত্রাসবাদীৰ আক্রমণ সামান্যভাৱে বৃদ্ধি পাইছে৷

You might also like