নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজ্রধ্বনিৰে ড০ শর্মাৰ প্রচাৰ ধুমুহাৰ চমক

শদিয়া–মার্ঘেৰিটা–দেৰ্ মাৰাথন প্রচাৰঃ অন্তিম দিনা উজনি মধ্য–উত্তৰ অসমত ৰথী–মহাৰথীৰ অভিযান ঃ ৰঞ্জিত দাসৰ দাবী– বিজেপি মিত্রজোঁটে প্রথম পর্যায়ত লাভ কৰিব ৪৬খন আসনঃ অতুল বৰাই ক’লে– হিমন্ত বিশ্বৰ সমীক্ষা মতেই হ’ব ফলাফল

নিয়মীয়া বাৰ্তা ২৬ মাৰ্চঃ  অহা শনিবাৰে ভোটগ্রহণ হ’বলগীয়া প্রথম পর্যায়ৰ নির্বাচনৰ ৪৭টা সমষ্টিত আজি সন্ধিয়া ৬ বজাৰ লগে লগে নির্বাচনী প্রচাৰ অভিযানৰ সামৰণি পৰিল৷ ইয়াৰ লগে লগে প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিসমূহত কাউণ্ট ডাউন আৰম্ভ হ’ল৷ প্রথম পর্যায়ৰ নির্বাচনৰ বাবে ইতিমধ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণী, কেন্দ্রীয় মন্ত্রী নৰেন্দ্র সিং টোমৰ, ড’নাৰমন্ত্রী জিতেন্দ্র সিং, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ চৌহান আদিকে ধৰি বিজেপিৰ বহুকেইগৰাকী শীর্ষ নেতাই মিত্রজোঁটৰ হৈ হাইভ’ল্টেজ প্রচাৰ চলাই গৈছে৷

সেইদৰে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ হৈ ৰাহুল গান্ধী, প্রিয়ংকা গান্ধী ভদ্রা, ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেল আদিয়েও যোৱা দিনকেইটাত বিভিন্ন সমষ্টিলৈ গৈ হাইভ’ল্টেজ প্রচাৰ চলায়৷ আজি প্রচাৰৰ অন্তিম দিনটোত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নিজ সমষ্টি মাজুলীত প্রচাৰকার্য চলায়৷ সেইদৰে নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই আজি শদিয়া, মার্ঘেৰিটা, দেৰগাঁও, বোকাখাত, সৰুপথাৰ, বিশ্বনাথ, বটদ্রৱা সমষ্টিলৈ গৈ চমকপ্রদ প্রচাৰ চলায়৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে শিৱসাগৰত আৰু চামগুৰিত, মিত্রদল অগপৰ সভাপতি অতুল বৰাই আমগুৰিত অন্তিম দিনা নির্বাচনী প্রচাৰত ব্যস্ত থাকে৷

অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয় যে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সমীক্ষা অনুসৰি নির্বাচনী ফলাফল হ’ব৷ আনহাতে, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই গৃহ সমষ্টি গহপুৰত, কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াই নাজিৰাত, সাংসদ প্রদ্যুৎ বৰদলৈয়ে বিহপুৰীয়াত, মহাজোঁটৰ অংশীদাৰ দল আঞ্চলিক গণ মর্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞাই বোকাখাতত আৰু বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে বিহপুৰীয়াত শেষবাৰৰ বাবে নির্বাচনী প্রচাৰত নামি পৰে৷

মন কৰিবলগীয়া এয়ে যে নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইবাৰৰ নির্বাচনত বজ্রধ্বনিৰে প্রচাৰ ধুমুহাৰ চমক সৃষ্টি কৰিছে৷ তেওঁ যোৱা ২৫ ফেব্রুৱাৰীৰ পৰা আজিলৈকে ৪৩খন প্রচাৰ সভা, ১৪ ৰোড শ্ব’, ৬ পদযাত্রা আৰু ৫ চাইকেল ৰেলীৰে চমকপ্রদ নির্বাচনী প্রচাৰ চলায়৷ তেওঁ কৰা ৰোড শ্ব’ই ১৭৫ কিলোমিটাৰ, বাইক/চাইকেল ৰেলীৰে ১২৪ কিলোমিটাৰ, পদযাত্রাই ৭২ কিলোমিটাৰ অঞ্চল সামৰি লয়৷ এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে এইবাৰ নির্বাচনত তেওঁ ৰাইজৰ মাজত যিমান উৎসাহ দেখিছে, ২০১৬ চনৰ নির্বাচনতো দেখা নাছিল৷

ড০ শর্মাৰ মতে, প্রথম পর্যায়ৰ নির্বাচনত ৪৭টা সমষ্টিৰ ভিতৰত বিজেপি মিত্রজোঁটে ৪১ৰ পৰা ৪২টা সমষ্টি লাভ কৰিব৷ নির্বাচন সম্পর্কত তেওঁ কয়– ‘মোৰ বাবে নির্বাচন মানে মানুহৰ হূদয়ত সোমোৱাৰ ৰাস্তা৷’ এইবাৰ অসমত বিজেপি পুনৰ জিকিলে উত্তৰ প্রদেশ, গুজৰাটত বিজেপি থকাৰ দৰে অসমতো বিজেপি থাকিব৷ সেয়ে এইবাৰ বিজেপিৰ বিজয় অত্যন্ত গুৰুত্বপূর্ণ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই অসমলৈ আহি জনসাধাৰণক যি উৎসাহ–উদ্দীপনা যোগালে, তাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে ড০ শর্মাই৷ চামগুৰি, ধিং, ৰূপহীহাটত চমকপ্রদ সাফল্য লাভ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে বটদ্রৱাতো তেওঁ দুবাৰ আহিল৷ বটদ্রৱাত ৰাইজৰ মনত এইবাৰ বহুত উৎসাহ আছে৷ গৌতম বৰাৰ বিজেপিত যোগদানৰ পাছত ৰাইজ আৰু অধিক উৎসাহিত হৈছে৷ তেওঁ আৰু কয় যে ৰাজ্যখনৰ ২২ লাখ পৰিয়ালে অৰুণোদয়, ৫৮ লাখ পৰিয়ালে বিনামূলীয়া চাউল পাই আহিছে৷ সেই পৰিয়ালসমূহত প্রতিমাহে বিজেপিৰ প্রচাৰ চলি আহিছে৷

উল্লেখ্য যে প্রথম পর্যায়ৰ নির্বাচনত অৱতীর্ণ বিজেপি মিত্রজোঁটৰ ৰথী–মহাৰথীসকল হৈছে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামী, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী ৰঞ্জিত দত্ত, অতুল বৰা, কেশৱ মহন্ত, নৱ কুমাৰ দলে, যোগেন মহন, সঞ্জয় কিষাণ, বিধায়ক অশোক সিংঘাল, গণেশ কুমাৰ লিম্বু, পদ্ম হাজৰিকা, প্রমোদ বৰঠাকুৰ, উৎপল বৰা, আঙুৰলতা ডেকা, মৃণাল শইকীয়া, ভবেন্দ্রনাথ ভৰালী, ৰেণুপমা ৰাজখোৱা, প্রদীপ হাজৰিকা, কুশল দুৱৰী, প্রশান্ত ফুকন, বিনোদ হাজৰিকা, তেৰছ গোৱালা, বিমল বৰা, নৰেন সোণোৱাল, সুৰেন ফুকন, ভাস্কৰ শর্মা, বলীন চেতিয়া, ৰণোজ পেগু, ভুবন পেগু, চক্রধৰ গগৈ, অজন্তা নেওগ, হেমন্ত কলিতা, তৰংগ গগৈ, ময়ূৰ বৰগোহাঁই, অমিয় কুমাৰ ভূঞা, জয়ন্ত খাউণ্ড৷

সেইদৰে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ ৰথী–মহাৰথীসকল হৈছে– ৰিপুণ বৰা, দেৱব্রত শইকীয়া, ৰকিবুল হুছেইন, ৰূপজ্যোতি কুর্মী, ৰ’জলীনা তির্কী, দুর্গা ভূমিজ, ভৰত নৰহ, পদ্মেশ্বৰ দলে, ভূপেন কুমাৰ বৰা, ৰাণা গোস্বামী, প্রণতি ফুকন, ৰাজীৱলোচন পেগু, ৰামপ্রসাদ শর্মা, অভিজিৎ হাজৰিকা, প্রাণেশ্বৰ বসুমতাৰী, বিবেক দাস, আমিনুল ইছলাম, নুৰুল হুদা, বিতোপন শইকীয়া, বিস্মিতা গগৈ, অংকিতা দত্ত আদি৷ সেইদৰে নৱগঠিত অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ, জগদীশ ভূঞা, চিত্তৰঞ্জন বসুমতাৰী, ৰাইজৰ দলৰ অখিল গগৈ, আজিজুৰ ৰহমান আদিৰো ভাগ্য এই প্রথম পর্যায়ৰ নির্বাচনতে নির্ণয় হ’ব৷
শদিয়াত কংগ্রেছ–আজমল–জগদীশ ভূঞাক ক্ষুৰধাৰ সমালোচনা ড০ শর্মাৰ
প্রথম পর্যায়ৰ নির্বাচনী প্রচাৰৰ অন্তিম দিনা শদিয়া সমষ্টিৰ বিজেপি প্রার্থী বলীন চেতিয়াৰ হৈ মন্ত্রী ড০ শর্মাই প্রচাৰ চলায়৷ সমষ্টিটোৰ কাকপথাৰৰ ১নং সৰু ডিৰাক ৰাজহুৱা খেলপথাৰত আয়োজিত বিজয় সংকল্প সভাত ড০ শর্মাই উদাত্ত ভাষণেৰে কংগ্রেছ, বদৰুদ্দিন আজমলৰ উপৰি অজাপৰ শদিয়া সমষ্টিৰ প্রার্থী জগদীশ ভূঞাক চোকা ভাষাৰে সমালোচনা কৰি কয় যে কংগ্রেছে সূতা–কম্বল–ধুতী–লু ৰাজনীতি কৰে৷ কংগ্রেছৰ কোনো আঁচনি নাই৷ কংগ্রেছ ইমান তললৈ গৈছে যে আজমলৰ লগত মিতিৰালি কৰিছে৷ মিত্রজোঁটৰ প্রার্থীৰ পিছফালে নৰেন্দ্র মোদী থকাৰ দৰে কংগ্রেছৰ পিছফালে আজমল আছে৷ ক’ভিডৰ সময়ত জগদীশ ভূঞা ক’ত লুকাই আছিল বুলি প্রশ্ণ কৰি তেওঁ কয় যে ক’ভিড যোৱাৰ পাছত তেওঁ এতিয়া দল বাগৰি ফুৰিছে৷ ভাষণত তেওঁ শদিয়া সমষ্টিৰ ৰাইজক বানপানীৰ পৰা উদ্ধাৰ কৰা, মহিলাসকলৰ মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া আৰু ১নং সৰু ডিৰাক খেলপথাৰখন তিনি কোটি টকাৰে আটকধুনীয়াকৈ সজাই–পৰাই তোলাৰ প্রতিশ্রুতি দিয়ে৷
মার্ঘেৰিটাত নির্বাচনী গীতৰ তালে তালে নৃত্য কৰি ভাস্কৰ শর্মাৰ হৈ প্রচাৰ ড০ শর্মাৰ
মার্ঘেৰিটা সমষ্টিৰ বিজেপি প্রার্থী ভাস্কৰ শর্মাৰ হৈ আজি বুঢ়ীদিহিং মৌজাৰ অন্তর্গত কঁঠালগুৰিৰ ডিব্রুপৰিয়াত নির্বাচনী প্রচাৰ চলালে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ নির্বাচনী গীতৰ তালে তালে নিজে নৃত্য কৰাৰ লগতে সমৱেত ৰাইজক নচুৱাই এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰে৷ নির্বাচনী ভাষণত মন্ত্রী ড০ শর্মাই কংগ্রেছ–এ আই ইউ ডি এফ–সম জাতীয় পৰিষদক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে আজমলে কৈছে, তেওঁলোকৰ চৰকাৰ হ’লে মাদ্রাছা খুলিব আৰু মুছলমান মহিলাক যিমান ইচ্ছা সিমান সন্তান জন্ম দিয়াৰ অধিকাৰ দিব৷ সেইদৰে অজাপ হৈছে পাম্প নথকা ফুটবল৷ বিজেপি নেতৃত্বত পুনৰ চৰকাৰ হ’লে সমষ্টিটোৰ কঁঠালগুৰি মডেল হাস্পতালখন পূর্ণ পর্যায়লৈ উন্নীতকৰণ, বুঢ়ীদিহিঙত এখন আই টি আই স্থাপন, কৈলাসপুৰত এখন প্রাথমিক চিকিৎসালয়, ডিৰাকৰ পৰা মার্ঘেৰিটা সংযোগী পথটো অসম মালাৰ অধীনত নির্মাণ কৰাৰ প্রতিশ্রুতি দিয়ে৷
অগপ–বিজেপি একেলগে নাথাকিলে অসম আজমলৰ হৈ যাবঃ দেৰগাঁৱত
মন্ত্রী ড০ শর্মাৰ মন্তব্য
অগপ মানেই বিজেপি আৰু বিজেপি মানেই অগপ৷ অগপ–বিজেপি ৰাম–লক্ষ্মণৰ দৰে৷ এই দুয়োটা দল একলগ নহ’লে অসম আজমলৰ হৈ যাব৷– এই মন্তব্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ দেৰগাঁৱত অগপ–বিজেপিৰ মিত্রজোঁটৰ প্রার্থী ভবেন্দ্র নাথ ভৰালীৰ হৈ চকলাটিঙত এক নির্বাচনী সমাৱেশত ভাষণ দি মন্ত্রী ড০ শর্মাই কয় যে অগপক বাদ দি বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে৷ কংগ্রেছক প্রতিহত কৰি আজমলক বাংলাদেশলৈ খেদিবলৈ হ’লে মিত্রজোঁটৰ প্রার্থী জয়ী হ’ব লাগিব৷ দেৰগাঁও সমষ্টিত কিছু উন্নয়নৰ কাম বাকী থকাৰ কথা স্বীকাৰ কৰি তেওঁ কয় যে অনাগত দিনত দুয়োটা দলৰে এখন যৌথ সমিতি গঠন কৰি উন্নয়নৰ কাম কৰা হ’ব৷ যোৱা ৫টা বছৰত জনসাধাৰণৰ কল্যাণৰ বাবে মিত্রজোঁটৰ চৰকাৰখনে গ্রহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ক’ৰোনাতংক আৰু লকডাউনৰ সময়ত জনসাধাৰণে যাতে কষ্ট ভোগ কৰিবলগীয়া নহয়, তাৰ বাবে নৰেন্দ্র মোদী আৰু বিজেপিয়ে কাম কৰিছিল৷ ইয়াৰ বিপৰীতে সেই সময়ত কংগ্রেছ গাঁতত সোমাই আছিল৷ নির্বাচনী সমাৱেশখনত তেওঁ বদৰুদ্দিন আজমলকো ক্ষুৰধাৰ সমালোচনা কৰে৷
বোকাখাতত অতুল বৰাৰ হৈ মন্ত্রী ড০ শর্মাৰ নির্বাচনী প্রচাৰ
প্রথম পর্যায়ৰ নির্বাচনী প্রচাৰৰ অন্তিম দিনা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বোকাখাতৰ মিত্রজোঁটৰ প্রার্থী অগপ সভাপতি অতুল বৰাৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ সমষ্টিটোৰ জনসাধাৰণক অতুল বৰাক বিপুল ভোটত জয়যুক্ত কৰিবলৈ তেওঁ আহ্বান জনায়৷ ভাষণত তেওঁ যোৱা ৫টা বছৰত মিত্রজোঁটৰ চৰকাৰখনে গ্রহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰি কয় যে অনাগত দিনত অৰুণোদয় আঁচনিয়ে এতিয়ালৈ সামৰি নোলোৱা সকলো দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালক আঁচনিখনত অন্তর্ভুক্ত কৰাৰ লগতে মাইক্র’ফাইনেঞ্চৰ পৰা মহিলাসকলে লোৱা সকলো ঋণৰ দায়িত্ব চৰকাৰে গ্রহণ কৰিব৷ মহিলা আত্মসহায়ক গোটক আগবঢ়াই অহা ধনৰ পৰিমাণো এক লাখ টকাৰ পৰা দুই লাখ টকালৈ বৃদ্ধি কৰিব৷ প্রতিগৰাকী চাহ শ্রমিকক মাহে এহেজাৰ টকাকৈ দিয়াৰো তেওঁ প্রতিশ্রুতি দিয়ে৷ কংগ্রেছৰ গেৰাণ্টী সম্পর্কত কটাক্ষ কৰি তেওঁ কয় যে যাৰ নিজৰ গেৰাণ্টী নাই, ৰাইজক কি গেৰাণ্টী দিব? কংগ্রেছে অচল বস্তু এটা গেৰাণ্টীৰ লোভ দি বিক্রী কৰিব বিচাৰিছে৷
সৰুপথাৰত বিশ্বজিৎ ফুকনৰ হৈ নির্বাচনী প্রচাৰ ড০ শর্মাৰ
সৰুপথাৰ সমষ্টিৰ বিজেপি প্রার্থী বিশ্বজিৎ ফুকনৰ হৈ আজি নির্বাচনী প্রচাৰ চলায় মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত নির্বাচনী সমাৱেশখনত মন্ত্রী ড০ শর্মাই কয় যে সমষ্টিটোৰ নিমাতী কইনা জনপ্রতিনিধিগৰাকীৰ্ বাবেই সমষ্টিটো বিধ্বস্ত হৈ আছে৷ ৰাস্তা–ঘাটকে ধৰি সকলোতে উপেক্ষিত সমষ্টিটোৰ উন্নয়নৰ বাবেই বিশ্বজিৎ ফুকনক মিত্রজোঁটৰ পৰা মনোনীত কৰা হৈছে৷ ৰাইজে বিশ্বজিৎ ফুকনক আশীর্বাদ কৰিলে এটা বছৰতে সৰুপথাৰ সমষ্টিটো অসমৰ ভিতৰতে জাকতজিলিকা সমষ্টি হিচাপে গঢ়ি তোলা হ’ব৷ ড০ শর্মাৰ মতে, বদৰুদ্দিন আজমলৰ দৰে মানুহক লৈ দেশ নচলে, চৰকাৰো নচলে৷ বৰঞ্চ অসমখন ধ্বংসৰ মুখলৈ ঠেলি দিব নোৱাৰি৷
সভ্যতা–সংস্কৃতি ৰক্ষাৰ বাবে বিশ্বনাথত বিজেপিক ভোটদানৰ আহ্বান ড০ শর্মাৰ
বিশ্বনাথৰ বিজেপি প্রার্থী প্রমোদ বৰঠাকুৰৰ হৈ আজি নির্বাচনী প্রচাৰ চলাই মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সভ্যতা–সংস্কৃতি ৰক্ষাৰ বাবে জনসাধাৰণক বিজেপিক ভোটদান কৰাৰ আহ্বান জনায়৷ ধূলি খেলপথাৰত আয়োজিত নির্বাচনী সমাৱেশখনত মন্ত্রী ড০ শর্মাই কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীক তীব্র কটাক্ষ কৰি কয় যে বাগিচাত এখন্তেক চাহ শ্রমিকৰ লগত পাত তুলি ফটো উঠাৰ পৰিৱর্তে বাগানত এসপ্তাহ পাৰ কৰক, তেতিয়াহে বুজি পাম কংগ্রেছ নেত্রীৰ শ্রমিকপ্রীতি৷ কংগ্রেছৰ লগতে বদৰুদ্দিন আজমলক ক্ষুৰধাৰ সমালোচনা কৰি তেওঁ কয় যে দীর্ঘদিন ধৰি বাগিচাৰ শ্রমিকসকল বঞ্চিত হৈ আহিছে৷ কংগ্রেছে এতিয়া গেৰাণ্টী আনিছে৷ বেয়া বস্তুৰহে গেৰাণ্টী থাকে৷ ভাল বস্তুৰ কিহৰ গেৰাণ্টী বুলি প্রশ্ণ কৰি তেওঁ যোৱা পাঁচটা বছৰত চাহ শ্রমিকৰ কল্যাণৰ বাবে কৰা কাম–কাজৰো খতিয়ান দাঙি ধৰে৷
ৰঙাপৰাত ড০ শর্মাৰ মটৰচাইকেল ৰেলী
ৰঙাপৰা সমষ্টিৰ বিজেপি প্রার্থী কৃষ্ণকমল তাঁতীৰ হৈ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি এক বিশাল মটৰচাইকেল ৰেলীৰে নির্বাচনী প্রচাৰ চলায়৷ ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাৰ পৰা উলিওৱা মটৰচাইকেল ৰেলীত এখন খোলা জীপছীত দলীয় প্রার্থী তাঁতীক লৈ মন্ত্রী ড০ শর্মাই ৰঙাপৰা চহৰৰ মাজেৰে আহি বৰজুলিত উপস্থিত হয়৷ বৰজুলিৰ হাটখোলাস্থিত ৰাজহুৱা মঞ্চত অনুষ্ঠিত নির্বাচনী প্রচাৰ সভাখনত সমষ্টিটোৰ কংগ্রেছ প্রার্থী অভিজিৎ হাজৰিকাক সমালোচনা কৰি কয় যে হাজৰিকা এসময়ত সমষ্টিটোৰ বিধায়ক আছিল৷ সেই সময়ত হাজৰিকাই সমষ্টি উন্নয়নৰ পৰিৱর্তে কেৱল মদৰ দোকান খুলিলে৷ বর্তমান অভিজিৎ হাজৰিকা পাম্প নোহোৱা এটা ফুটবল৷ যিটো বল খেলিব খুজিলেও যাব নিবিচাৰে৷ এইগৰাকী কংগ্রেছ প্রার্থীয়ে কোনোদিনে ৰাইজৰ কাম কৰা নাই আৰু ভৱিষ্যতেও নকৰে৷ সভাখনত মন্ত্রী ড০ শর্মাই কংগ্রেছৰ লগতে বদৰুদ্দিন আজমলকো ক্ষুৰধাৰ সমালোচনা কৰে৷
নিজৰ গেৰাণ্টী নথকা কংগ্রেছে ৰাইজক কি গেৰাণ্টী দিব?
বটদ্রৱাত আঙুৰলতাৰ হৈ নির্বাচনী প্রচাৰত মন্ত্রী ড০ শর্মাৰ মন্তব্য
বটদ্রৱা সমষ্টিৰ সংখ্যালঘু অধ্যুষিত ধূপগুৰিত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সমষ্টিটোত বিজেপি প্রার্থী আঙুৰলতা ডেকাৰ হৈ নির্বাচনী প্রচাৰ চলাই কংগ্রেছ নেতৃত্বাধীন মহাজোঁটক ক্ষুৰধাৰ সমালোচনা কৰে৷ কংগ্রেছক অচল টকা, পাম্প নোহোৱা ফুটবল বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্রেছ মানে বৰবাদ, কংগ্রেছৰ কাম নাই, নিজৰ গেৰাণ্টী নথকা কংগ্রেছে ৰাইজক কি গেৰাণ্টী দিব? ৰাইজক কংগ্রেছৰ কথা বিশ্বাস নকৰিবলৈ আহ্বান জনাই তেওঁ কয় যে ক’ভিডৰ সময়ত কংগ্রেছ নেতাসকল শুই আছিল৷ গাঁতত সোমাই আছিল৷ তেতিয়া ৰাইজে শিৱামণি বৰা বগা নে ক’লা দেখাই নাছিল৷ এতিয়া ওলাই আহি ক’লে বটদ্রৱাৰ মানুহৰ নামবোৰ ভোটাৰ তালিকাত তেওঁহে সুমুৱাই দিলে৷ বটদ্রৱাৰ মানুহ বাংলাদেশী নেকি বুলি প্রশ্ণ কৰি তেওঁ কয় যে তেনে ব্যক্তি বিধায়ক হ’লে গাড়ী এক্সিডেণ্ট হ’ব৷
চামগুৰিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্রচাৰঃ প্রথম
পর্যায়ত ৪৬টা সমষ্টি লাভ কৰিব মিত্রজোঁটে
চামগুৰি সমষ্টিৰ বিজেপিৰ মিত্রজোঁটৰ প্রার্থী অনিল শইকীয়াৰ হৈ আজি নির্বাচনী প্রচাৰ চলালে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে৷ প্রচাৰৰ অন্তিম দিনা বিজেপি প্রার্থী শইকীয়াই হাজাৰ হাজাৰ সমর্থকক লৈ আয়োজন কৰা বিশাল ৰেলীত অংশগ্রহণ কৰি সভাপতি ৰঞ্জিত দাসে সাংবাদিকৰ আগত কয় যে প্রথম পর্যায়ত নির্বাচন হ’বলগীয়া ৪৭টা সমষ্টিৰ ভিতৰত ৪৬টা সমষ্টিয়েই বিজেপিয়ে দখল কৰিব৷ বদৰুদ্দিন আজমলৰ সৈতে কংগ্রেছে কৰা মিত্রতাৰ বাবে উজনি অসমত কংগ্রেছৰ দখলত থকা ৭টা সমষ্টিও এইবাৰ বিজেপিৰ হাতলৈ আহিব৷ চামগুৰিত অনিল শইকীয়াই কংগ্রেছৰ ৰকিবুল হুছেইনক বিপুল ভোটত পৰাস্ত কৰি ইতিহাস ৰচিব বুলিও তেওঁ মন্তব্য কৰে৷ ইপিনে প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনে আজি নির্বাচনী প্রচাৰৰ অন্তিম দিনা পুৱাৰ ভাগতে আমলখি পূজা মন্দিৰ প্রাংগণত থকা শিৱ মন্দিৰত পূজা–র্চনা কৰি হাজাৰ হাজাৰ কর্মী–সমর্থকক লগত লৈ সৰু–বৰ বাহনেৰে সমদল কৰি অন্তিম প্রচাৰ চলায়৷ আমলখি গাঁও পঞ্চায়তৰ পৰা উদমাৰী, ভোৰাগুৰি, সূতাৰ, ভেলেউগুৰি, চামগুৰি, বাজিয়াগাঁও, কাৱৈমাৰী, লাইলুৰী, ভাটিয়াখালী আদিকে ধৰি বহুকেইখন পঞ্চায়ত হৈ আমবাগানত ৰেলীৰ সামৰণি মাৰে৷
নগদ ধনসহ ৮৭.৯৬ কোটিৰ সা–সামগ্রী জব্দ

এগ্জিট প’ল নিষিদ্ধ
ভাৰতৰ নির্বাচন আয়োগে নির্দেশ জাৰি কৰিছে যে ২৭ মার্চ, শনিবাৰৰ পুৱা ৭ বজাৰ পৰা ২৯ এপ্রিল, বৃহস্পতিবাৰৰ সন্ধিয়া ৭.৩০বজাৰ ভিতৰত কোনো ব্যক্তিয়ে এগ্জিট প’ল আয়োজন কৰিব নোৱাৰিব আৰু ছপা বা বৈদ্যুতিন মাধ্যম বা অন্যান্য মাধ্যমত অসম বিধানসভা–২০২১ৰ সাধাৰণ নির্বাচনৰ সৈতে জডিত যিকোনো এগ্জিট প’লৰ ফলাফল প্রকাশ বা প্রচাৰ কৰিব নোৱাৰিব৷ অসম বিধানসভাৰ সাধাৰণ নির্বাচনৰ সৈতে সংযুক্ত সংশ্লিষ্ট ভোটগ্রহণ অঞ্চলসমূহত ভোটগ্রহণ সমাপ্ত হোৱাৰ পূর্বৰ ৪৮ ঘণ্টাৰ সময়ছোৱাত নির্বাচন আয়োগে যিকোনো বৈদ্যুতিন মাধ্যমত মতামত সংগ্রহ (অপিনিয়ন প’ল)ৰ ফলাফল প্রচাৰ বা অন্যান্য যিকোনো সমীক্ষাৰ লগতে নির্বাচনী বিষয়ৰ প্রদর্শন নিষেধ কৰিছে৷

You might also like