নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চার্টাৰ বিমানত ২০বাৰ বিদেশ ভ্রমণ দুর্নীতিগ্রস্ত বিষয়াৰ

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ ওড়িশাৰ দুর্নীতিগ্রস্ত বন বিষয়া অভয়কান্ত পাঠকৰ পাহাৰসম দুর্নীতিৰ তদন্ত কৰিবলৈ ভিজিলেঞ্চ বিভাগে এখন ২০জনীয়া সদস্যযুক্ত বিশেষ অনুসন্ধানকাৰী গোট (এছআইটি) গঠন কৰি দিছে৷ ভাৰতীয় বন সেৱাৰ বিষয়াগৰাকীৰ বিৰুদ্ধে উত্থাপিত বহু কোটিটকীয়া কেলেংকাৰিৰ অভিযোগৰ ভিত্তিত শুকুৰবাৰে তেওঁক পুত্র আকাশ পাঠকৰ সৈতে গ্রেপ্তাৰ কৰা হৈছিল৷ ১৯৮৭ বেটছৰ ভাৰতীয় বন সেৱাৰ বিষয়াগৰাকীক ইতিমধ্যে ৯ ডিচেম্বৰলৈ ন্যায়িক জিম্মালৈ প্রেৰণ কৰা হৈছে৷ ওড়িশা চৰকাৰে অভয়কান্ত পাঠকক চাকৰিৰ পৰাও নিলম্বিত কৰিছে৷

মন কৰিবলগীয়া যে লকডাউনৰ সময়ছোৱাত এইগৰাকী দুর্নীতিগ্রস্ত বন বিষয়াই চার্টাৰ বিমানেৰে ২০বাৰ বিদেশ ভ্রমণ কৰিছিল বুলি তদন্তত পোহৰলৈ আহিছে৷ ভিজিলেঞ্চ বিভাগৰ এক সূত্রই প্রকাশ কৰা অনুসৰি পাঠক ৯,৩৫,৪২,৫৯৪ টকাৰ বে–আইনী সম্পত্তিৰ গৰাকী৷

You might also like