নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে বজাৰলৈ ক’ভিডৰ দেশীয় ভেকচিন

আহমেদাবাদ পুনে হায়দৰাবাদ তিনিটা পৰীক্ষাগাৰত প্রধানমন্ত্রী মোদীৰ ভিজিট

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ  ঘাতক ক’ভিড–১৯ ভেকচিন প্রস্তুতৰ অগ্রগতিৰ বুজ ল’বলৈ আজি প্রধানমন্ত্রী মোদীয়ে দেশৰ তিনি ৰাজ্যত লেবৰেটৰী পৰিদর্শন কৰে৷ কেন্দ্রীয় চৰকাৰে ২০২১ চনৰ প্রাৰম্ভতে দেশত ভেকচিন প্রয়োগৰ লক্ষ্য লোৱাৰ পাছতেই প্রধানমন্ত্রী মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদস্থিত জাইডাছ কেডিলা, তেলেংগানাৰ হায়দৰাবাদস্থিত ভাৰত বায়’টেক আৰু মহাৰাষ্ট্রৰ পুনেস্থিত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ লেবৰেটৰী পৰিদর্শন কৰে৷ ক’ভিড–১৯ ভেকচিন প্রস্তুত কৰা ঔষধ কোম্পানীকেইটাৰ লেবৰেটৰী পি পি ই কিট পিন্ধি প্রধানমন্ত্রী মোদীয়ে প্রস্তুতৰ অগ্রগতি সন্দর্ভত বিজ্ঞানীৰ সৈতে বার্তালাপ কৰে৷ লেবৰেটৰীৰ ভিতৰত পি পি ই কিট পিন্ধা মোদীয়ে বিজ্ঞানীৰ পৰা ক’ভিড–১৯ৰ ভেকচিন সন্দর্ভত তথ্যৰ বুজ লয়৷ ভেকচিনৰ বুজ লোৱাৰ উদ্দেশ্যে আজি পুৱা প্রথমে প্রধানমন্ত্রী মোদী গুজৰাটৰ আহমেদাবাদস্থিত ঔষধ কোম্পানী জাইডাছ কেডিলাৰ প্রকল্প পৰিদর্শন কৰে৷ জাইডাছ কেডিলাৰ গৱেষণা কেন্দ্রত পি পি ই কিট পৰিধান কৰি মোদীয়ে ভেকচিন প্রস্তুতৰ বুজ লয়৷ আহমেদাবাদৰ পৰা ২০ কিলোমিটাৰ নিলগৰ চাংগোদৰ ঔদ্যোগিক পামত থকা জাইডাছ কেডিলাৰ গৱেষণা কেন্দ্রত ক’ভিড–১৯ ভেকচিন ‘জাইকভ–ডি’ প্রস্তুত কৰা হৈছে৷

ইতিমধ্যে এই ভেকচিনটোৰ প্রথম পর্যায়ৰ মানৱ দেহত পৰীক্ষণ সম্পূর্ণ হৈ আগষ্টৰ পৰা দ্বিতীয় পর্যায়ৰ মানৱ দেহৰ পৰীক্ষণ চলি আছে৷ জাইডাছ কেডিলাৰ লেবৰেটৰী পৰিদর্শন কৰাৰ পাছত প্রধানমন্ত্রী মোদীয়ে টুইটত কয়– আহমেদাবাদৰ জাইডাছ বায়’টেক পার্ক পৰিদর্শন কৰি জাইডাছ কেডিলাৰ বিকশিত দেশীয় ডি এন এ আধাৰিত ভেকচিনৰ তথ্যৰ বুজ লওঁ৷ মই এই কামত জড়িত থকা সকলোকে প্রশংসা কৰিছোঁ৷ ভাৰত চৰকাৰে তেওঁলোকৰ যাত্রাত সক্রিয়ভাৱে সমর্থন দি আছে৷ আহমেদাবাদত জাইডাছ কেডিলাৰ লেবৰেটৰী পৰিদর্শন কৰাৰ পাছত প্রধানমন্ত্রী মোদী তেলেংগানাৰ হায়দৰাবাদস্থিত ভাৰত বায়’টেকৰ লেবৰেটৰীলৈ যায়৷ হায়দৰাবাদৰ পৰা ৫০ কিলোমিটাৰ নিলগত ভাৰত বায়’টেকৰ দ্বাৰা বিকশিত দেশীয় ভেকচিন ‘ক’ভাক্সিন’ সন্দর্ভত মোদীয়ে বুজ লয়৷ ইতিমধ্যে ক’ভাক্সিনে দুটাকৈ মানৱ দেহত পৰীক্ষণ সফলতাৰে সম্পন্ন কৰাৰ পাছত তৃতীয় পর্যায়ৰ মানৱ দেহত পৰীক্ষণ চলাই আছে৷ ঔষধ প্রস্তুত কোম্পানী ভাৰত বায়’টেক আৰু ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছার্চ (আই চি এম আৰ)– নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীৰ দ্বাৰা বিকশিত ক’ভাক্সিনক লৈ দেশ আশাবাদী৷

দেশীয়ভাৱে বিকশিত দুটা ভেকচিন প্রস্তুতৰ অগ্রগতি বুজ লোৱাৰ পাছত প্রধানমন্ত্রী মোদীয়ে বিয়লি মহাৰাষ্ট্রৰ পুনেস্থিত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ লেবৰেটৰীলৈ যায়৷ আন্তর্জাতিক ঔষধ প্রস্তুত কোম্পানী অষ্ট্রজেনেকা আৰু অক্সফ’ড বিশ্ববিদ্যালয়ে বিকশিত কৰা ক’ভিড–১৯ ভেকচিন ভাৰতৰ কোম্পানী ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্রস্তুত কৰি আছে৷ বজাৰত শীঘ্রে মুকলি হোৱাৰ তালিকাত অগ্রিম স্থানত থকা অক্সফ’ড ভেকচিনে ইতিমধ্যে তৃতীয় পর্যায়ৰ মানৱ দেহত পৰীক্ষণ সামৰণিৰ দিশত আছে৷ ছিৰাম ইনষ্টিটিউটৰ লেবৰেটৰীত মোদীয়ে অক্সফ’ড ভেকচিনৰ প্রস্তুতৰ অগ্রগতিৰ বুজ লয়৷ ক’ভিড ভেকচিনৰ অগ্রগতি সন্দর্ভত বুজ লোৱা প্রধানমন্ত্রী মোদীয়ে ন’ভেল ক’ৰোনা ভাইৰাছৰ ভেকচিন বিকাশৰ বাবে বিজ্ঞানীসকলক ভূয়সী প্রশংসা কৰে৷ ইপিনে, প্রধানমন্ত্রী মোদীয়ে দেশৰ তিনিটাকৈ ভেকচিন প্রস্তুত কৰা লেব’ৰেটৰী পৰিদর্শন কৰাৰ অন্তত শীঘ্রেই দেশীয় ভেকচিন বজাৰত মুকলি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ তাৎপর্যপূর্ণ যে দেশীয়ভাৱে বিকশিত ভেকচিন কেন্দ্রীয় চৰকাৰে অহা বর্ষৰ প্রাৰম্ভতে মুকলি কৰিম বুলি ইতিমধ্যে ঘোষণা কৰিছে৷ প্রধানমন্ত্রী মোদীৰ লেব’ৰেটৰী পৰিদর্শনে তাকেই এক প্রকাৰ ইংগিত দিছে৷

You might also like