নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৪ৰ নির্বাচনৰ ৰণশিঙা বজালে মমতাই

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ ১৯৯৩ চনৰ ২১ জুলাইত আৰক্ষীৰ গুলীত নিহতসকলক স্মৰণ কৰিবলৈ শ্বহীদ দিৱস পালন কৰি আহিছে তৃণমূল কংগ্রেছে৷ এইবাৰৰ শ্বহীদ দিৱস ৰাষ্ট্রীয় পর্যায়ত পালন কৰি দলটোৱে উত্তৰপ্রদেশ, তামিলনাডু, দিল্লী, ত্রিপুৰা, অসম, গুজৰাট আদি ৰাজ্যত তৃণমূল কংগ্রেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ ভাষণ শুনাৰ ব্যৱস্থা কৰিছে দলটোৱে৷ লক্ষণীয়ভাৱে ২০২৪ৰ লোকসভা নির্বাচনক টার্গেট কৰি আজি তৃণমূলৰ শীর্ষ নেত্রীগৰাকীয়ে মোদী চৰকাৰৰ বিৰুদ্ধে এই ভাষণত ক্ষুৰধাৰ সমালোচনা আগবঢ়ায়৷

মমতা বেনার্জীয়ে ভাষণত উল্লেখ কৰে যে বিজেপিক উৎখাত কৰিবলৈ আগন্তুক লোকসভা নির্বাচনৰ পূর্বে সকলো ৰাজনৈতিক দল ঐক্যবদ্ধ হ’ব লাগিব৷ তৃণমূল কংগ্রেছক মানুহৰ আৰু মাটিৰ দল বুলি উল্লেখ কৰি মমতাই কয় যে ২০২৪ৰ নির্বাচনত দলটোৰ নেতৃত্বত সকলো ৰাজনৈতিক দলে ঐক্যবদ্ধ হৈ বিশ্বাসঘাতকবোৰক কেন্দ্রৰ ক্ষমতাৰ পৰা বিদায় দিব৷

লক্ষণীয়ভাৱে মমতাৰ এই ভার্চুৱেল শ্বহীদ দিৱসৰ ভাষণ দিল্লীত বিভিন্ন ৰাজনৈতিক দলৰ নেতাই শুনিবলৈ সমৱেত হয় কনষ্টিটিউচন ক্লাবত৷ পশ্চিমবংগত দৰিদ্রতা তৃণমূলৰ শাসনত ৪০ শতাংশ হ্রাস পোৱা বুলি উল্লেখ কৰা মমতাই পেগাছাছৰ অবৈধ ফোন টেপিং সম্পর্কত প্রধানমন্ত্রী মোদীক পেট্র’ল–ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰে জনতাৰ শত্রু হৈ পৰা বুলি আখ্যা দিয়ে৷ এফালে, ৰাজনীতিক–সাংবাদিকক ফোন টেপিং কৰি চোৰাংচোৱা বৃত্তি চলাইছে আনফালে দুখীয়া জনসাধাৰণক মাধমাৰ শোধোৱা বুলিও মোদী চৰকাৰক বিদায় দিয়াৰ সময় আহি পৰা বুলি উল্লেখ কৰে মমতাই৷

You might also like