নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত দ্বিতীয় পৰ্যায়ৰ ক’ৰোনা ভেকচিন প্ৰদানৰ ড্ৰাই ৰান, অসমৰো ৫ জিলাত মকড্ৰিল

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ আজি দেশৰ ৩৩খন ৰাজ্যত ক’ভিড ভেকচিনৰ দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰান আৰম্ভ কৰা হয়। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে চেন্নাইৰ ৰাজীৱ গান্ধী হাস্পতালত এই ড্ৰাই ৰানৰ সময়ত উপস্থিত থাকে। দেশৰ লগতে অসমৰো ৫খন জিলাত আৰম্ভ কৰা হয় ভেকচিনৰ ড্ৰাই ৰান।

ৰাজ্যৰ কামৰূপ মেট্ৰো, মৰিগাঁও, বঙাইগাঁও, যোৰহাট আৰু লখিমপুৰ জিলাত ক’ভিড ভেকচিন প্ৰদানৰ অনুশীলন চলোৱা হয়। ইয়াৰ আগতে ৰাজ্যখনত বিগত বৰ্ষত ২৮ আৰু ২৯ ডিচেম্বৰত আৰম্ভ কৰা হৈছিল ড্ৰাই ৰানৰ কাৰ্যসূচী। আনহাতে দেশত প্ৰথম পৰ্যায়ৰ ড্ৰাই ৰান আৰম্ভ কৰা হৈছিল ২ জানুৱাৰীত ৭৪খন জিলাত।

You might also like