নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এ ডি পি কলেজ কিছু অনুভৱ

-আব্দুৰ ৰউফ

সোঁৱৰণী কিমান মধুৰ আৰু কিমান বেদনাগধুৰ তাক বাংময় কৰিব পাৰিছিল বিখ্যাত ইংৰাজ কবি টমাছ মূৰে তেওঁৰ স্মর্তব্য কবিতা ‘দ্য লাইট অৱ দ্য আদাৰ ডে’জ’ত৷ সোঁৱৰণীৰ বৈচিত্র্য সুকীয়া৷ ব্যস্ত জীৱনত কেতিয়াবা স্মৃতিৰ নাৱেৰে উজাই গৈ যি জেংৰাই পোৱা যায় তাৰ পৰা ব্রহ্মপুত্রৰ সূর্যাস্তল চাইহে অনুভৱ কৰিব পাৰি গোলাপী জামুৰ লগ্ণ৷ আমাৰ দৰে এলেহুৱা আৰু ধোদ মানুহক সোঁৱৰণীয়ে অনুপ্রাণিত নকৰে বিস্মিতহে কৰে৷
সুদীর্ঘ পোন্ধৰটা বছৰ৷ নামনি অসমৰ বহু কলেজত ইণ্টাৰভিউ দি বিফল হৈ থাকিলোঁ৷ আশা এৰিয়েই দিলোঁ৷ তথাপি দিল হেয় কি মানতা নেহী৷ এডিপি কলেজত এটা খালী পদ থকা বুলি বিজ্ঞাপন পালোঁ ইং ২০০৭ৰ শেষৰ পিনে৷ ভবাই নাছিলোঁ নিবনুৱা বুলি যি হতাশা, হীনমন্যতা আৰু দুর্ণাম, তাৰ ওৰ পৰিল৷ চিধা ৰাস্তাৰেও যে চাকৰি হয় তাৰ প্রমাণ পালোঁ৷ বেকত নকৰা বহু কথা বেকত কৰিবৰ মন আছিল৷ জিভাৰ পিছলে বৰ পিছল৷
সমগ্র অসমতে এডিপি কলেজৰ এক সুনাম আছে৷ অসমত আধুনিকতাৰ উন্মেষ ঘটোৱা, পাশ্চাত্য শিক্ষাৰে জাতীয়তাবাদৰ জোৱাৰ আনিব খোজা আৰু বঙালীৰ সমকক্ষ কৰি অসমীয়া ভাষা–সাহিত্য প্রতিষ্ঠা কৰাত আগভাগ লোৱা কর্মপ্রাণ আনন্দৰাম ঢ়েকীয়াল ফুকনৰ স্মৃতিত নগাঁও চহৰত স্থাপিত এডিপি কলেজ সমগ্র অসমতে এক চিনাকি নাম৷ অকল পৰীক্ষাৰ ফলাফলতেই কলেজ এখনৰ সুখ্যাতি আৰু সামাজিক দায়বদ্ধতা সীমিত হৈ নাথাকে৷ আমাৰ ভাষা, সাহিত্য, সংস্কৃতি আৰু জাতীয় জীৱনলৈকো কলেজ এখনে অৰিহণা আগবঢ়োৱা উচিত৷ খেল–ধেমালি, সাংস্কৃতিক অনুষ্ঠান, আলোচনা–চক্র আৰু কর্মশালা আদিও উচ্চ শিক্ষাৰ কৰণীয় দায়বদ্ধতা৷ সুদীর্ঘ দুটা দশক নিৰৱচ্ছিন্নভাৱে এডিপি কলেজে এনেবোৰ কাম সুচাৰুৰূপে কৰি আহিছে৷
নগাঁও বুলি ক’লে বহু কথা৷ নগৈ গড়গাঁৱৰ বতৰা দিয়া যেনে পাপ, জানি নক’লেও পাপ৷ অসমৰ ৰাজনীতি, ইতিহাস, শিল্প–সংস্কৃতি, সাহিত্য, ক্রীড়া আৰু ঐতিহ্যচেতনাৰ কথা মনলৈ আহিলেই তিনিখন ঠাইৰ কথা মনত পৰে– তেজপুৰ, শিৱসাগৰ আৰু নগাঁও৷ তিনিওখনৰে পৰিচয় সুকীয়া, পটভূমি সুকীয়া৷
এতিয়া নগাঁও জিলা তাহানিৰ ডবাক ৰাজ্যৰ অন্তর্গত আছিল৷ ‘সমুদ্রপ্রশস্তি’ৰ ডবাক ৰাজ্যৰ আন নাম কপিলী ৰাজ্য৷ খ্রী. ২৮ত এই ৰাজ্যৰ চন্দ্রপ্রিয় বা চন্দ্রবল্লভ নামৰ এজন ৰজাই চীন দেশলৈ কটকী পঠিয়াইছিল৷ কপিল মুনিৰ লগত কপিলী নদীৰ সম্পর্ক থকা বুলি জনশ্রুতিও আছে৷ নগাঁও জিলাৰ কন্দলীয়েই তাহানিৰ কদলী ৰাজ্য৷ …আৰু বহুত৷ মধ্য অসমৰ আর্থ–সামাজিক, ৰাজনৈতিক, বৌদ্ধিক, সাংস্কৃতিক, সাহিত্যিক আৰু ধর্মীয় জগতৰ মধ্যমণি আছিল নগাঁও৷ চামগুৰি, কলিয়াবৰ, শিলঘাট আদি ঠাইৰ লগত মধ্যযুগৰ অসম ইতিহাসৰ বহু সমল সোমাই আছে৷ মুলাগাভৰু আৰু তুর্বককে ধৰি বহু অসমীয়া আৰু মোগলৰ ৰণৰ সাক্ষী পুণ্যভূমি নগাঁও৷ অসমৰ ৰাজনীতি, অর্থনীতি, স্বাধীনতা সংগ্রাম, ভাষা, সাহিত্য, সংগীত, চিনেমা, খেল–ধেমালি আৰু ধর্মৰ ক্ষেত্রত নগাঁৱৰ বৰঙণিক লৈ পৃথকে পৃথকে বহু গৱেষণা হোৱাৰ থল আছে৷
আন সকলো কথা বাদ দিলেও অসমীয়া সাহিত্যৰ বুৰঞ্জী নগাঁও অবিহনে অসম্পূর্ণ৷ শংকৰগুৰু মহেন্দ্র কন্দলীৰ সময়ত বা তাৰ আগতো নগাঁও অঞ্চলত যে বহু পণ্ডিত লোকৰ জন্ম হৈছিল সি খাটাং৷ শংকৰদেৱ অকলেই এশ৷ সংস্কৃত পণ্ডিতৰ বসতিস্থান নগাঁও জিলাত মধ্যযুগৰ পৰা আজিলৈ যি সাহিত্যিক পৰম্পৰা প্রবাহিত হৈ আছে সি সঁচাকৈয়ে ঈর্ষণীয়৷ আধুনিক যুগৰ বার্তাবাহক আনন্দৰাম ঢ়েকীয়ালৰ বাটটোৱেদি বাট বুলি অহা বহু সাহিত্যিকৰ খ্যাতি আৰু প্রসিদ্ধিৰে কলংপাৰ ধন্য হৈছে৷ কলং আৰু কপিলীৰ পাৰতেই জন্ম লাভ কৰিছিল নগাঁও জিলাৰ সৰহভাগ সাহিত্যিকে৷ একে উশাহতে নাম ল’বৰ মন যায় ৰত্নকান্ত বৰকাকতি, ড০ সূর্যকুমাৰ ভূঞা, ড০ বিৰিঞ্চি কুমাৰ বৰুৱা, দেৱকান্ত বৰুৱা, নৱকান্ত বৰুৱা, যজ্ঞেশ্বৰ শর্মা, ড০ কেশৱানন্দ গোস্বামী, মহিম বৰা আৰু বহুতো…৷ বহু বাদ পৰি যায়, বহু মনলৈ আহে গোপীনাথ বৰদলৈৰ পৰা প্রফুল্ল কুমাৰ মহন্তলৈ, তছদ্দুক ইউছুফৰ পৰা দ্বীপেন বৰুৱালৈ, নুৰুল আমিন, পাৰবীন চুলতানা, কেশৱ মহন্ত, খগেন মহন্ত আৰু যে কিমান… সৌ বাহু ডোমৰ পূর্ণহতীয়া বাঁহৰ কোব আজিও শুনা যায় ফুলগুৰিত৷ দেশপ্রেম, সংস্কৃতিপ্রেম আৰু জাতীয়তাৰ জীৱন্ত সাক্ষী নগাঁও৷ সম্প্রতি অসমৰ বাঘা বাঘা শিল্পী–সাহিত্যিক, ৰাজনীতিবিদ আৰু চিন্তাবিদ এচামৰো জন্মভূমি বা কর্মভূমি নগাঁও৷ ড০ ৰাজেন শইকীয়া, ভদ্র বৰা, ড০ অপূব শর্মা, জ্যোতির্ময় জানা, প্রভাত বৰা, ৰঞ্জিৎ কুমাৰ দেৱগোস্বামী আদিক বাদ দি সাহিত্য, সংস্কৃতি আৰু সমালোচনাৰ কথা অসম্পূর্ণ হৈ ৰ’ব৷
… … …আমি এক পিছপৰা অঞ্চলৰ মানুহ৷ বিদ্যা–শিক্ষাত আগবঢ়া ঠাইবোৰক সমীহ কৰোঁ৷ তাৰ মানুহবোৰকো শ্রদ্ধা কৰোঁ৷ বহির্জতৰ লগত আমাৰ সম্পর্ক ক্ষীণ৷ ভাত–কাপোৰ আৰু পৰিয়ালৰ ঝামেলাত আমাৰ হাৰাশাস্তি৷ এডিপি কলেজত জইন কৰাৰ দিনা বৰ ভয় লাগিছিল, ভালো লাগিছিল৷ অধ্যক্ষ ড০ চৰিফুদ্দিন আহমেদ, ইংৰাজী বিভাগৰ মুৰব্বী পদ্মকান্ত শর্মা আৰু কেইজনমান কার্যালয় সহায়কক সেইদিনা মই লগ পাইছিলোঁ৷ অৰিন্দম বৰকটকীৰ লগত শর্মা ছাৰে মোক চিনাকি কৰি দিছিল৷ কলেজখনৰ পৰিৱেশ ভালেই লাগিছিল৷ পিছে মোৰহে ৰাহি–যোৰা নিমিলিল৷
নানা ঘৰুৱা অসুবিধা আৰু এক মানসিক চাপৰ কাৰণে দুমাহ কাম কৰিয়েই ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহিলোঁ৷ ভালদৰে চিনাকি হ’বই নাপালোঁ নগাঁও চহৰৰ স’তে৷ এডিপি কলেজে মোক কি দিলে তাক কেতিয়াবা হিচাপ কৰোঁ৷ এখন বহল জগতৰ স’তে মোক চিনাকি কৰাই দিয়াৰ বাবে কলেজখনে মুঠেও কার্পণ্য কৰা নাছিল৷ কার্বি আংলং আৰু মেঘালয়ৰ ছাত্র–ছাত্রীও লগ পাইছিলোঁ৷ সিহঁত বৰ স্মার্ট৷ মোৰ মুখত নলবৰীয়া সুৰটো লাগিয়েই থাকে৷ কলেজখনৰ চৌহদ চাফ–চিকুণ৷ প্রশাসন অতি স্বচ্ছ৷ ক্লাছ–পাতি নিয়মিত হয়৷ মেজৰৰ ছাত্র–ছাত্রী বহুত৷ মই থকা সময়খিনিত দুখন উন্নত মানৰ ছেমিনাৰ হৈছিল কলেজখনত৷ ড০ কুলেন্দু পাঠক আছিল এখনৰ মুখ্য বক্তা৷ ইতিমধ্যে শুনিছিলোঁ যে ‘আনন্দৰাম ঢ়েকীয়াল ফুকন স্মাৰক বত্তৃণতা প্রদান কৰিবলৈ তাত ড০ হীৰেন গোহাঁই, ভবেন বৰুৱা আৰু ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী ছাৰহঁতৰ দৰে নমস্য পণ্ডিতকো আমন্ত্রণ জনোৱা হৈছিল৷ সমগ্র নগাঁও জিলাতে বৌদ্ধিক চিন্তাৰ উত্তৰণত এডিপি কলেজৰ ভূমিকা লেখত ল’বলগীয়া৷ কলেজখনৰ বিদ্যায়তনিক আৰু সাংস্কৃতিক কাম–কাজ শলাগিবলগীয়া৷
পোনতে নাম ল’ব লাগিব অধ্যক্ষ ড০ চৰিফুদ্দিন আহমেদ ছাৰৰ৷ সিংহৰ দৰে গুৰু–গম্ভীৰ, প্রশাসনত কঠোৰ, স্বল্পভাষী, বিনয়ী আৰু মিতাচাৰী ড০ আহমেদ ছাৰৰ ভিতৰখনি আকৌ মৃগ পহুৰ দৰে শান্ত৷ ছাৰ বৰ মৰমিয়ালো৷ যিখিনি কঠোৰতা দেখুৱায়, সেয়া কলেজৰ খাতিৰতহে৷ ছাৰ বিদ্যোৎসাহী, ধর্মনিৰপেক্ষ আৰু দৃঢ়মনা৷ এসময়ত কঢ়া অধ্যক্ষ হিচাপে আব্দুল হাই ছাৰৰো নাম আছিল৷ সাম্প্রতিক যুৱ–উচ্ছৃংখলতাৰ পিনে চালে আহমেদ ছাৰৰ দৰে অধ্যক্ষৰ প্রয়োজন আমি বাৰুকৈয়ে অনুভৱ কৰোঁ৷
ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক পদ্মকান্ত শর্মা ছাৰ গলগলীয়া কণ্ঠৰ ভলভলীয়া মানুহ৷ কথাত যাদু আছে৷ নিয়মমাফিক মানুহ৷ ক্লাছত হেৰফেৰ কৰিলে বেয়া পায়৷ আনক উৎসাহ দিয়া আৰু মাজে মাজে হাস্যৰসৰ সৃষ্টি কৰাটোও ছাৰৰ অন্যতম গুণ৷ ড০ নিত্যানন্দ পট্টনায়ক ছিৰিয়াছ মানুহ৷ কথাই কথাই মিঠা, সৰু হাঁহি৷ পর্যবেক্ষণত তীক্ষ্ম৷ উৰিষ্যাৰ মানুহৰ তেজত ইংৰাজীপ্রীতি থাকেই– জয়ন্ত মহাপাত্রৰ দেশৰ মানুহতো ইতিমধ্যে ফুলগুৰিৰ ধেৱাৰ কৃষক বিদ্রোহৰ বিষয়ত এক গৱেষণাধর্মী গ্রন্থ লিখি ছাৰে সুনাম অর্জন কৰিছে৷
অধ্যাপিকা নীতা শর্মাৰ কথাই সুকীয়া৷ চৌখিন, পৰিপাটি, মৃদু হাঁহি, খোজত গহীন৷ ক্লাছত ল’ৰা–ছোৱালীয়ে যথেষ্ট সমীহ কৰে৷ অইনৰ বিপদ–আপদত সমবেদনা জ্ঞাপন কৰিবলৈ বাইদেৱে কার্পণ্য নকৰে৷
আন এজন ডেকা অধ্যাপক আছিল ৰাইনা উপাধিৰ৷ নামটো বোধহয় পিয়াৰ মহম্মদ ৰাইনা নে কিবা৷ পাহৰিলোঁ৷ অমায়িক আৰু তজবজীয়া৷ আমাৰ দৰে নিবোকা চামোন নহয়৷ ‘ৰাইনা’ উপাধি দেখি ভাবিছিলোঁ ঃ ক্রিকেটাৰ সুৰেশ ৰাইনাৰ সম্পর্কীয় নহয়তো এডিডি কলেজৰ ইংৰাজী বিভাগৰ আৰু এজন ডেকা অধ্যাপকৰ কথা ক’ম৷ পিছে তেওঁৰ পৰিচয় এডিপি কলেজতে সীমাবদ্ধ নহয়৷ আন বিভাগতো এনে অধ্যাপক বহুকেইগৰাকী আছে৷ ৰসায়ন বিজ্ঞানৰ এজন নৈষ্ঠিক মুছলমান অধ্যাপকক লগ পাইছিলোঁ৷ এটা ইফ্টাৰ পার্টী দিছিল তেওঁ৷ ড০ আবু হানিফা পৰিচিত ব্যক্তি৷ সমাজকর্মী আৰু সাংবাদিক৷ অমৰেন্দ্র শর্মাৰ এক বিশেষ চিনাকি আছে৷ অর্থনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড০ সঞ্জীৱ কুমাৰ বৰকাকতিৰ স’তে দেখা দেখি নাছিল৷ তেওঁ শংকৰদেৱৰ বিষয় চিন্তা–চর্চা কৰা মানুহ৷ অধ্যয়ন প্রচুৰ৷ ইংৰাজীত বৈষ্ণৱবাদ সম্পর্কে গ্রন্থও লিখিছে৷ আৰবী বিভাগৰ অধ্যাপক তিনিজন বৰ সহজ–সৰল, পৰোপকাৰী৷ বিভাগটোৰ সুনাম আছে৷
এডিপি কলেজত থাকোঁতে মাত্র এদিনহে কলেজ কেণ্টিনত কথা পতাৰ সৌভাগ্য হৈছিল, ‘তুমি পকা ধানৰ দৰে গোন্ধাইছা’ৰ কবি জীৱন নৰহ, ইতিহাস বিভাগৰ ডেকা অধ্যাপক সদানন্দ পায়েং আৰু অসমীয়া বিভাগৰ আন এজন অধ্যাপক ড০ ৰজত কলিতা (নামটো ভুল হ’বও পাৰে)ৰ স’তে পৰিচয় কৰাই দিছিল ভাতৃপ্রতিম অৰিন্দম বৰকটকীয়ে৷ জীৱন মোতকৈ এবছৰ জুনিয়ৰ৷ কম কথাৰ মানুহ৷ কবি মানুহ তেনেকুৱাই৷ আগশাৰীৰ আলোচনীত জীৱনৰ কবিতা ওলাই থাকে৷ আমি এলেহুৱা বাবে নপঢ়োঁ৷ বুজিও নাপাওঁ৷ কবিতা আধা বুজাতেই আনন্দ বুলি ভাবোঁ ঃ প্রেয়সীৰ প্রথম চাৱনিৰ দৰে৷ জীৱনৰ কবিতাৰ মাত্রা ভিন্ন ধৰণৰ৷ লোকজীৱনৰ স’তে ৰং, গন্ধ আৰু সূক্ষ্ম সৌন্দর্যবোধৰ সমাৱেশ ঘটোৱাত জীৱন সিদ্ধহস্ত (জীৱনে বোধহয় হাঁহিব ঃ ই বেটাই মোৰ কবিতাৰনো কি বুজে) ইমৰান হুছেইনৰ সম্পাদনাত ওলোৱা ‘ভূমি’ আলোচনীত সদানন্দ পায়েং বোলা ডেকা অধ্যাপকজনৰ লেখা পোনতে পঢ়িছিলোঁ৷ পায়েং নিৰিবিলিৰ মানুহ৷ অধ্যয়নপুষ্ট আৰু বস্তুনিষ্ঠ৷ পাৰিবাৰিক কষ্ট পোৱা বুলি শুনিছিলোঁ অইনৰ মুখত৷ পায়েং কিন্তু শিলৰ দৰে গধুৰ হৈয়েই থাকিল৷ থাকক৷
অৰিন্দমক বাদ দি মোৰ আলোচনা অসম্পূর্ণ৷ আলোচনা কৰিবৰ সাহসো যে নাই৷ মোতকৈ অৰিন্দম বহু সৰু৷ জ্ঞান আৰু সৃষ্টিত অধিক বয়সিয়াল৷ কেতিয়াবা মনত পৰে বেকনৰ ‘এড্ভান্সমেণ্ট অৱ লার্নিঙ’ৰ কথা৷ সাহিত্যসেৱী, সমালোচক আৰু নিষ্ঠাৱান অধ্যাপক উপেন্দ্রনাথ বৰকটকীদেৱৰ নাম নুশুনা মানুহ অসমত নাই৷ অৰিন্দমৰ পিতৃ তেওঁ৷ ঘৰখনত পঢ়া–শুনাৰ পৰিৱেশ আছে– ঠিক আছে নহয়, গঢ়িছে৷ সাম্প্রতিক অসমীয়া সাহিত্য জগতত ডেকা সমালোচক নাই বুলি অভিযোগ শুনো৷ অৰিন্দম ব্যতিক্রম৷ ‘গৰীয়সী’, ‘কথা’, ‘সাতসৰী’ আদিকে ধৰি নানা আগশাৰীৰ আলোচনীত অৰিন্দমৰ মর্মভেদী সমালোচনা ওলাই থাকে৷ ‘নিবেদন’ বোলা আলোচনীৰ সম্পাদকো আছিল তেওঁ৷ এতিয়া ‘প্রকাশ’ৰ সম্পাদনাত ব্যস্ত৷ দেশ–বিদেশৰ সাহিত্যৰ খবৰ অৰিন্দমে ৰাখে৷ বোধহয় একমাত্র সমালোচনা সাহিত্যৰে (কনিষ্ঠ) অকাডেমি বঁটাপ্রাপক অৰিন্দম অসমতে প্রথম৷ মাজে মাজে অৰিন্দম বৰকটকীক দূৰদর্শনতো দেখা পাঁও৷ বুকু ফুলি উঠে৷ এটা সময়ত মই সেইখন কলেজৰে শিক্ষক আছিলোঁ৷ সাহিত্য সাহিত্যই৷ ৰাজনৈতিক তত্ত্বৰ কথা গৌণ৷ বস্তুনিষ্ঠ সমালোচনাই সাহিত্যকর্মক নান্দনিক দৃষ্টিকোণৰ পৰা চায়, সমকালীন আন্তর্জাতিক সাহিত্যিক মানৰ জোখাৰে তাক জোখে৷ অৰিন্দম বৰকটকীৰ এই গুণ শলাগিবই লাগিব৷ নিঃসন্দেহে সাম্প্রতিক অসমৰ যুৱ প্রজন্মৰ শ্রেষ্ঠ সমালোচক অৰিন্দম৷ এটা গধুৰ দায়িত্ব অৰিন্দমৰ ওপৰত পৰিল৷
এই মুহূর্তত অৰিন্দমে মোৰ বাৰে পাচি ভুলেৰে ভাৰাক্রান্ত লেখাটি পঢ়ি হয়তো ভাবিব ঃ ‘দাদাই মোৰ বিষয় বহু ক’লে, মই একোৱেই কৰা নাই৷’ সঁচা, বিনয়ীৰ স্বভাৱ তেনেকুৱাই৷ আমি বহুবল্কী৷ কৈ ভাল পাঁও৷ সঁচাক সঁচা বুলি ক’বই লাগিব৷ যোগ্যজনক যোগ্য বুলি ক’বই লাগিব৷
বাৰু আজি বেছি নকওঁ৷ এডিপি কলেজৰ সন্মুখত এক সোণালী বাট পৰি আছে৷ যিখন কলেজত অধ্যক্ষ আহমেদ ছাৰৰ দৰে ‘পাৰফেক্ট এণ্ড জেণ্টল নাইট’ থাকিব পাৰে, জীৱন নৰহৰ দৰে নিষ্ঠাৱান সাহিত্যকর্মী, পৰোপকাৰী, ঐতিহ্যসচেতন আৰু অনন্য মার্গৰ কবি থাকিব পাৰে, সদানন্দ পায়েঙৰ দৰে ইতিহাস চর্চা কৰা অধ্যাপক থাকিব পাৰে, আৰু অৰিন্দম বৰকটকীৰ দৰে অধ্যয়নপুষ্ট, নীৰৱ সাধনা কৰা আৰু দায়বদ্ধ সমালোচক থাকিব পাৰে, তেনে এখন কলেজ যথার্থতেই সৌভাগ্যশালী৷
এডিপি কলেজত জইন কৰাৰ দিনা মোৰ ভাতৃ ড০ আব্দুল মালিক, ভাতৃপ্রতিম চাহজাহান ছিদ্দিকী আৰু ড০ বিপুল মালাকৰৰ সৈতে প্রভাত বৰা ছাৰক মাত দি আহিছিলোঁ৷ ছাৰৰ পৰিয়ালৰ স’তে মোৰ অন্তৰৰ চিনাকি বহু দিনৰ৷ ‘কেৰেণী শ্যেলীৰ চিঠি’যোগে৷ বৰা ছাৰ সদালাপী, ঠিক যোছেফ এডিছনৰ দৰে৷ হাস্যমুখৰ বৰা ছাৰ বাইদেউৰ স’তে সুখী৷ ছাৰৰ অধ্যয়নৰ পৰিধিৰ বিষয় কোৱা মানে ছাৰক অপমান কৰাহে৷ আমাৰ দৰে অধমৰ লগতো ছাৰৰ যে কি আন্তৰিক বার্তালাপ৷ সাদৰী স্বভাৱৰ লিংডো বাইদেউলৈকো মনত পৰে৷
প্রভাত বৰাৰ কথা ক’বলৈ মোৰ কি গৰজ পৰিছিল কথা পাতি আছিলো এডিপি কলেজৰ৷ অৰিন্দমে জানিব৷
বহুদিন, বহু বছৰ হ’ল৷
এডিপি কলেজৰো কাকো ক’তো লগ নাপাঁও৷ বাতৰিত কলেজখনৰ খা–খবৰ পাই থাকোঁ৷ অধ্যক্ষ আৰু অৰিন্দমৰ স’তে কুশল বিনিময় হয়৷ সদায় দোৱা কৰোঁ ঃ কলেজখনৰ শ্রীবৃদ্ধি হওক৷ মোৰ জীৱনৰ প্রথম চৰকাৰী চাকৰি এডিপি কলেজত৷ কম সময় হ’লেও তাৰ সোঁৱৰণী দুর্দান্ত৷ কিনো ক’ম? তাৰ তৰুণ অধ্যাপকচাম এক চে বঢ় কৰ এক৷ তেওঁলোকৰ জোশ আছে৷
জোশ হেয় তো চোচ্না কিউঁ?
এডিপি দীর্ঘজীৱী হোৱা৷

You might also like