🔹 জম্মু–কাশ্মীৰত ভয়ংকৰ প্রাকৃতিক বিপর্যয়
নিউজ ডেস্ক, ২৮ আগষ্ট : প্রাকৃতিক বিপর্যয়ৰ কবলত জম্মু–কাশ্মীৰ৷ ডাৱৰ বিস্ফোৰণ আৰু প্রলয়ংকৰী বানে কেন্দ্রীয়শাসিত অঞ্চলটোৰ জম্মু অঞ্চলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷ প্রবল বৰষুণসৃষ্ট ভয়ংকৰ বানত বিধ্বস্ত হৈ পৰা জম্মু অঞ্চলত স্থানীয় প্রশাসন, আৰক্ষী, এনডিআৰএফ, এছডিআৰএফ, ভাৰতীয় সেনা আৰু স্থানীয় স্বেচ্ছাসেৱকে সাহায্য আৰু উদ্ধাৰ অভিযান চলাই আছে৷ এতিয়ালৈকে ৩,৫০০তকৈ অধিক লোকক ক্ষতিগ্রস্ত অঞ্চলৰ পৰা সুৰক্ষিত স্থানত আশ্রয় দিয়া হৈছে৷
ইপিনে, পৰহি শ্রীমাতা বৈষ্ণো দেৱী মন্দিৰৰ পথত ভয়াৱহ ভূমিস্খলনৰ ফলত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ৩৬জনলৈ বৃদ্ধি পাইছে৷ বৈষ্ণো দেৱী যাত্রাত অংশ লোৱা তীর্থযাত্রীসকলে মন্দিৰৰ পথত বাহৰ পাতি থকা ভোজনালয় এটাত ভূমিস্খলন ঘটাত পৰহি ১০জনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছত কালি আন ২৬জনৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ ভূমিস্খলনৰ ফলত মাতা বৈষ্ণো দেৱী যাত্রাৰ তীর্থযাত্রী নিহত হৈছে৷
তথ্য মতে, ভূমিস্খলন আৰু প্রলয়ংকৰী বানৰ সংহাৰত উটি–ভাহি যোৱা বাসগৃহ আৰু দোকানৰ বহুকেইজন লোক এতিয়াও সন্ধানহীন হৈ আছে৷ বৈষ্ণো দেৱী যাত্রা বাতিল কৰা হৈছে৷ প্রাকৃতিক বিপর্যয়ৰ কবলত পৰা জম্মু অঞ্চলত ভাৰতীয় সেনাৰ ১৩টা গোট উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত হৈ আছে৷ জম্মু–কাশ্মীৰৰ উপ–ৰাজ্যপাল মনোজ সিন্হাই এই প্রাকৃতিক দুর্যোগত প্রাণ হেৰুওৱা প্রতিজন লোকৰ পৰিয়াললৈ ৯ লাখ টকাকৈ ক্ষতিপূৰণ হিচাপে আগবঢ়াইছে৷ ভূমিস্খলন আৰু বানৰ বাবে অঞ্চলটোৰ অধিকাংশ পথেই যাতায়াতৰ বাবে অনুপযোগী হৈছে৷ ৰে’ল সেৱাও বাতিল কৰা হৈছে৷ জম্মু–কাশ্মীৰৰ মুখ্যমন্ত্রী ওমৰ আব্দুল্লাৰ সৈতে টেলিফোনিক বার্তালাপ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সকলো সম্ভাব্য সহায়–সমর্থন কেন্দ্রই আগবঢ়াব বুলি আশ্বাস দিয়ে৷ তেনেদৰে প্রধানমন্ত্রী মোদীয়ে প্রাকৃতিক দুর্যোগত প্রাণ হেৰুওৱা লোকলৈ গভীৰ শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে৷