নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয় পৰ্যায়ৰ কভিড ভেকচিনৰ বাবে ২৮ এপ্ৰিলৰ পৰা পঞ্জীয়ন

নিয়মীয়া বাৰ্তা ২৫ এপ্ৰিলঃ  দেশত কাল কৰোনাৰ সংহাৰ চলি থকাৰ মাজতে দেশত চলি আছে প্ৰতিষেধক প্ৰদানৰ অভিযান। তাৰ মাজতে যোৱা ১৯ এপ্ৰিলত ভাৰত চৰকাৰে ঘোষণা কৰা মতে অহা ১ মেৰ পৰা আৰম্ভ হ’ব তৃতীয় পৰ্যায়ৰ প্ৰতিষেধক প্ৰদান অভিযান ।

অহা ১ মেৰ পৰা আৰম্ভ হব লগীয়া তৃতীয় পৰ্যায়ৰ প্ৰতিষেধক প্ৰদান অভিযানত ১৮ বছৰৰ ঊৰ্ধৰ সকলোৱে গ্ৰহণ কৰিব পাৰিব প্ৰতিষেধক । কিন্তু প্ৰতিষেধক গ্ৰহণৰ পূৰ্বে সকলোৱে পঞ্জীয়ন কৰিব লাগিব । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে টুইটযোগে ঘোষণা কৰা মতে ২৮ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব পঞ্জীয়ন প্ৰক্ৰিয়া । cowin.gov.in ত গৈ পঞ্জীয়ন কৰিব পাৰিব বুলিও প্ৰকাশ কৰা হৈছে ।

ইফালে শনিবাৰে স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি, যোৱা ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ জৰিয়তে এতিয়ালৈ দেশত ১৩ কোটি ৮৩ লাখ ৭৯ হাজাৰ ৮৩২ টা প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে ।

You might also like