নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ : উত্তৰ প্রদেশৰ বাহৰেইচত এখন অবৈধ মাদ্রাছাৰ শৌচাগাৰত আবদ্ধ কৰি ৰখা অৱস্থাত ৪০জন নাবালকক উদ্ধাৰ কৰে আৰক্ষীয়ে৷ বাহৰেইচৰ প্রয়াগপুৰত দীর্ঘদিন ধৰি চলি থকা এই মাদ্রাছাখনৰ বিৰুদ্ধে আৰক্ষীয়ে বিগত সময়ত বহু অভিযোগ লাভ কৰিছিল৷
ইয়াৰ ভিত্তিত তদন্তৰ বাবে আৰক্ষী উপস্থিত হোৱাৰ সময়তে মাদ্রাছা কর্তৃপক্ষই তর্ক–বিতর্কত লিপ্ত হয়৷ আৰক্ষীয়ে বলপূর্বকভাৱে মাদ্রাছাখনত প্রৱেশ কৰি তালাচী চলোৱাত এটা তলাবন্ধ শৌচাগাৰৰ পৰা ৪০জন নাবালকক উদ্ধাৰ কৰে৷ এই নাবালকসকলৰ বয়স ৯ৰ পৰা ১৪ বছৰৰ ভিতৰত হ’ব৷ এওঁলোকক কিয় আবদ্ধ কৰি ৰখা হৈছিল সেই বিষয়ে এতিয়ালৈ স্পষ্ট হোৱা নাই৷ আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে৷