নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ মহিলা সাংসদৰে ছবি টুইট কৰি বিতর্ক কংগ্রেছ নেতা শশী থাৰুৰৰ

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ সংসদৰ শীতকালীন অধিৱেশনৰ প্রথম দিনাখনেই বিতর্কৰ সৃষ্টি কৰিছে কংগ্রেছ সাংসদ শশী থাৰুৰে৷ ছগৰাকী মহিলা সাংসদৰ সৈতে ছবি টুইট কৰি শশী থাৰুৰে তাত এক কেপচন লিখিছে এইদৰে– ‘কোনে কয় লোকসভা আকর্ষণীয় কামৰ স্থান নহয় বুলি?’ এই ছবি থাৰুৰে টুইট কৰাৰ পিছতে নেট মাধ্যমত সৃষ্টি হৈছে আলোড়ন৷ বিভিন্নজনে কঠোৰ মন্তব্য আগবঢ়াইছে কংগ্রেছ নেতাগৰাকীৰ বিৰুদ্ধে৷ উল্লেখনীয় যে সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূর্বে তৃণমূল সাংসদ মিমি চক্রৱর্তী, নুছৰত জাহানসহ মুঠ ৭গৰাকী মহিলাৰ সৈতে ফটো উঠে শশী থাৰুৰে৷ অন্য সাংসদকেইগৰাকী হৈছে সুপ্রিয়া সুলে, প্রণীত কৌৰ, থামিঝাছি থাংগাপাণ্ডিয়ান আৰু এছ জথিমণি৷ থাৰুৰৰ এনে কার্যই সংসদৰ মর্যাদা হানি কৰা বুলিও একাংশই দাবী কৰিছে৷

You might also like