নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ প্রগতিৰ বাবে ব্যক্তিৰ কর্তব্য গুৰুত্বপূৰ্ণ

‘আজাদী কে অমৃত মহোৎসৱ চে স্বর্ণিম ভাৰত কে ওৰ’ উৎসৱ মুকলি প্রধানমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ দেশৰ প্রগতিৰ সৈতে এজন ব্যক্তিৰ উন্নতি জড়িত হৈ থাকে৷ দেশৰ প্রগতিৰ বাবে এজন ব্যক্তিৰ কর্তব্যও গুৰুত্বপূর্ণ৷ এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ ‘আজাদী কে অমৃত মহোৎসৱ চে স্বর্ণিম ভাৰত কে ওৰ’ শীর্ষক উৎসৱ ভার্চুৱেলি মুকলি কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই মন্তব্য আগবঢ়ায়৷ প্রধানমন্ত্রী মোদীয়ে পুনৰ কয় যে সমাজ এখন গঢ় লয়, য’ত সমতা আৰু সামাজিক ন্যায়ৰ ভেটি সুদৃঢ় স্থিতিত থাকে৷ দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বার্ষিকী উদ্যাপন চলি থকাৰ সময়তে আজি প্রধানমন্ত্রী মোদীয়ে উল্লেখিত কার্যসূচী মুকলি কৰি কয়, আমি ভাৰতক আগবাঢ়ি গৈ থকাটো প্রত্যক্ষ কৰিছোঁ৷ দেশৰ চিন্তা আৰু দৃষ্টিভংগী নতুন আৰু নির্ণায়ক প্রগতিশীল৷ আমাৰ প্রগতি দেশৰ প্রগতিৰ সৈতে সংপৃক্ত হৈ আছে৷

তদুপৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে বিগত বছৰ ধৰি দেশৰ জনতাই তেওঁলোকৰ অধিকাৰৰ কথা কৈ আহিছে আৰু তাৰ বাবে যুঁজি আহিছে৷ এতিয়া অধিকাৰৰ কথা কিছু বিষয়ত কোৱা হয়৷ একাংশ লোকে নিজৰ দায়িত্ব, কর্তব্য সম্পূর্ণৰূপে পাহৰি গৈ দেশক দুর্বল কৰাত ভূমিকা গ্রহণ কৰি আছে৷ এনে ক্ষেত্রত সকলোৱে ঐক্যবদ্ধ হৈ নিজৰ দায়িত্ব আৰু কর্তব্য পালনেৰে সামাজিক ব্যাধি আঁতৰ কৰাৰ প্রয়াস চলালে দেশ নতুন শিখৰত উপনীত হ’ব বুলি কয় প্রধানমন্ত্রীগৰাকীয়্৷ ব্রহ্মকুমাৰীৰ দ্বাৰা ‘আজাদী কে অমৃত মহোৎসৱ’ত ৩০তকৈ অধিক অভিযান আৰু ১৫ হাজাৰতকৈও অধিক কার্যসূচী চলোৱাৰ বাবে ব্রহ্মকুমাৰীক প্রশংসা কৰে প্রধানমন্ত্রীগৰাকীয়্৷

You might also like