নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিংগুৰত ৰিক্সাৱালাৰ ঘৰত আহাৰ গ্রহণ কৰি প্রচাৰ অমিত শ্বাহৰ

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ পশ্চিমবংগৰ বিধানসভা নির্বাচনৰ প্রচাৰ চলাই থকা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ছিংগুৰৰ এগৰাকী ৰিক্সাৱালাৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্রহণ কৰে৷ এই ৰিক্সাৱালাগৰাকী হৈছে বিজেপিৰ এগৰাকী সমর্থক৷ দুপৰীয়াৰ আহাৰ গ্রহণ কৰিয়েই কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে পশ্চিমবংগত এইবাৰ বিজেপিয়ে দুই শতাধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব৷ চতুর্থ পর্যায়ৰ নির্বাচনৰ ভোটগ্রহণৰ পূর্বে বিজেপিয়ে পশ্চিমবংগত প্রচাৰ অভিযান অধিক তীব্রতৰ কৰিছে৷

উল্লেখনীয় যে অমিত শ্বাহৰ সৈতে দুপৰীয়াৰ আহাৰ গ্রহণ কৰাৰ সময়ত উপস্থিত থাকে ছিংগুৰ সমষ্টিৰ বিজেপি প্রার্থী ৰাজীৱ বেনার্জীও৷ অমিত শ্বাহে এই কথাও উল্লেখ কৰে যে শেহতীয়া ভ্রমণৰ সময়ত তেওঁ মাথোঁ পশ্চিমবংগৰ এটা গাঁও পঞ্চায়তৰ পৰিস্থিতিৰ বুজ লৈছে৷ ইয়াৰ পিছতেই তেওঁ বিজেপিয়ে পশ্চিমবংগত চৰকাৰ গঠন কৰিব বুলি নিশ্চিত হোৱা বুলিও উল্লেখ কৰে৷

ইফালে, ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ আচৰণ আৰু বক্তব্যত নেত্রীগৰাকীৰ হতাশা স্পষ্ট হৈ পৰা বুলিও উল্লেখ কৰে গৃহমন্ত্রী শ্বাহে৷ স্মর্তব্য যে পশ্চিমবংগ বিধানসভা নির্বাচনৰ সময়ত বিজেপি নেতাসকলৰ সৈতে তীব্র বাক্যুদ্ধ অব্যাহত আছে তৃণমূল কংগ্রেছৰ মুৰব্বী তথা মুখ্যমন্ত্রী মমতা বেনার্জীৰ৷

You might also like