নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্ধ্র প্রদেশত পথ দুর্ঘটনাত নিহত ১৪জন

যাত্রীবাহী বাছ–ট্রাকৰ মুখামুখি সংঘর্ষ

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ অন্ধ্রপ্রদেশৰ কার্ণুলৰ সমীপৱর্তী মাধাপুৰম নামৰ গাঁওখনত সংঘটিত এক শোকাৱহ পথ দুর্ঘটনাত কমপক্ষেও ১৪গৰাকী লোক নিহত হোৱাৰ উপৰি অন্য ১০গৰাকী গুৰুতৰভাৱে আহত হৈছে৷ আজি পুৱা ৪ বজাত সংঘটিত হৈছে এই দুর্ঘটনা৷ এখন যাত্রীবাহী বাছ আৰু এখন ট্রাক মুখামুখি সংঘর্ষত পতিত হোৱাৰ ফলত ঘটনাস্থলীতে কেইবাগৰাকীও লোকৰ মৃত্যু হয়৷ নিহত লোকসকলৰ ভিতৰত ৮গৰাকী মহিলা আৰু এটি শিশুও আছে৷ কার্ণুল জিলাৰ আৰক্ষী অধীক্ষক, জিলা দণ্ডাধীশ তথা অন্যান্য জ্যেষ্ঠ বিষয়াসকলে তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰে৷ আহত লোকসকলক কার্ণুল চৰকাৰী হাস্পতালত ভর্তি কৰোৱা হৈছে৷ নিহত আটাইকেইগৰাকী লোক চিট’ৰ জিলাৰ মাডানেপল্লীৰ বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে৷ ইফালে, এই ঘটনা সন্দর্ভত দুখ প্রকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্রী ৱাই এছ জগনমোহন ৰেড্ডীয়ে৷

You might also like