নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধান চীনৰ পৰা আহিছে আকৌ নতুন ভাইৰাছ…

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজ অব্যাহত থকাৰ সময়তে চীনৰ আন এক ভাইৰাছৰ দেশত ভয়াৱহ সংক্রমণৰ সম্ভাৱনা ব্যক্ত কৰিছে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছার্চে (আই চি এম আৰ)৷ আই চি এম আৰৰ বিজ্ঞানীয়ে প্রকাশ কৰাৰ লগে লগে চীনৰ ‘কেট কিউ ভাইৰাছ’, চমুকৈ চি কিউ ভি ভাইৰাছে দেশত ভয়াৱহ সংক্রমণ কৰিব পাৰে৷ এই ভাইৰাছবিধ গাহৰি আৰু বিশেষ প্রজাতিৰ ম’হৰ পৰা মানৱ দেহলৈ সংক্রমিত হয়৷ সম্প্রতি চীন আৰু ভিয়েটনামৰ এই ভাইৰাছবিধ সক্রিয় হৈ আছে৷ পুনেস্থিত আই চি এম আৰ, নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীৰ বিজ্ঞানীয়ে ৮৮৩জন লোকৰ ছিৰামৰ নমুনা পৰীক্ষণৰ পাছত দুজনৰ দেহত চি কিউ ভি ভাইৰাছ ধৰা পৰে৷ ইয়াৰ পাছতে আই চি এম আৰে দেশত এই ভাইৰাছৰ সংক্রমণ ভয়াৱহ হ’ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে৷

You might also like