নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোৰ ট্ৰেক্টৰ, মই জ্বলাইছো, আপোনাৰ কি আহে-যায়ঃ অমৰিন্দৰ সিং

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ কৃষি আইনক লৈ যুৱ কংগ্ৰেছে আজি পুৱা কৰা প্ৰতিবাদৰ সময়তে দিল্লীৰ ৰাজপথত জ্বলাই দিয়া হৈছিল এখন ট্ৰেক্টৰ।

এই ঘটনাৰ পিছতে প্ৰশাসনে তদন্ত আৰম্ভ কৰি পাঁচগৰাকী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰে। বিজেপিয়ে এনে কাৰ্যৰে কংগ্ৰেছে দেশত অৰাজকতাৰ সূচনা কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপন কৰে।

কিন্তু এই সম্পৰ্কত পঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা অমৰিন্দৰ সিঙৰ মন্তব্যই চৰ্চা লাভ কৰে দেশজুৰি। মুখ্যমন্ত্ৰীগৰাকীক ট্ৰেক্টৰ জ্বলোৱা কাণ্ড সম্পৰ্কত সোধাত তেওঁ কয়- ‘মোৰ ট্ৰেক্টৰ, মই জ্বলাই দিছো, আপোনাৰ কি আহে-যায়।’

You might also like