নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাতি কি কি খাব নালাগে

ডাঃ ৰেইনি দেৱী

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ   আমি সকলোৱেই স্বাস্থ্যৱান হৈ থাকিব বিচাৰোঁ৷ এইক্ষেত্রত আমি খোৱা খাদ্যসমূহে যথেষ্টখিনি প্রভাৱ পেলায়৷ পুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমি বিভিন্ন খাদ্যৰ জুতি লওঁ যাতে আমি স্বাস্থ্যৱান হৈ থাকিব পাৰোঁ৷ মাছ, মাংস, কণী, পনিৰ, সেউজীয়া শাক–পাচলি, ফলমূল আদি আমি নিজেও খাওঁ আৰু পৰিয়ালৰ সকলোকে খাবলৈ দিওঁ৷ কিন্তু এইবিলাক খাদ্য খাওঁতে আমি কিছুমান নীতি–নিয়ম পালন কৰি খালে বেছি সুফল পোৱা যায়৷ অসমীয়াত এষাৰ কথা আছে ৰাতিপুৱা খাবা ৰজাৰ দৰে, দুপৰীয়া খাবা প্রজাৰ দৰে আৰু ৰাতি খাবা দৰিদ্রৰ দৰে৷ ৰাতিপুৱাৰ আহাৰ ৰজাৰ দৰে কৰিব লাগে৷ অর্থাৎ ৰজাই কোনবোৰ খাদ্য খায়? পৃথিৱীৰ আটাইতকৈ ভাল ভাল খাদ্যবোৰ৷ অর্থাৎ এইষাৰ কথাৰ অর্থ এয়েই যে ৰাতিপুৱা আমি এটা ভাল বা হেভী ব্রেকফাষ্ট কৰিব লাগে যাতে আমি দিনটোৰ বাবে এক্টিভ হৈ থাকিব পাৰোঁ৷ ঠিক তেনেদৰে দুপৰীয়াৰ আহাৰ প্রজাৰ দৰে সেৱন কৰিব লাগে৷ প্রজাই সকলো খাদ্য সেৱন কৰে, কিন্তু এটা পৰিমিত মাত্রাত৷ ৰাতি দৰিদ্রৰ দৰে সাধাৰণ আহাৰ খাব লাগে৷ তেতিয়াহে আমি বেছি স্বাস্থ্যৱান হৈ থাকিব পাৰিম৷ এতিয়া জানো আহক ৰাতি কোনবোৰ আহাৰ পৰাপক্ষত খাব নালাগে৷
* ৰাতি খাব নলগীয়া খাদ্যৰ কথা ক’লে প্রথমে পাতশাকৰ কথাই ক’ব লাগিব৷ লাই, পালেং, খুতুৰা আদি যিকোনো পাতশাক ৰাতি নোখোৱাই ভাল৷ কাৰণ এইবিলাকে কেতিয়াবা পাচন ক্রিয়াত খেলিমেলি সৃষ্টি কৰিব পাৰে, গেছ, এচিডিটি বা বদহজম হ’ব পাৰে৷ যিসকলৰ গেছৰ সমস্যা আছে তেওঁলোকে ৰাতি পাতশাক একেবাৰেই নোখোৱাই ভাল৷ নিশ্চয় সকলোৱে এইটো কথা পালন কৰি চলে৷ ৰাতি আমাৰ শৰীৰে বিশ্রাম লয় আৰু পাচনতন্ত্রকো বিশ্রামৰ প্রয়োজন হয়৷ কিন্তু এনেকুৱা পাতশাকত থকা ফাইবাৰ হজম কৰিবলগীয়া হ’লে পাচনতন্ত্রই বেছি কাম কৰিবলগীয়া হয় আৰু ই টোপনিত ব্যাঘাত জন্মাব পাৰে৷
* ৰাতি খাব নলগীয়া বস্তুৰ ভিতৰত আনবিধ বস্তু হৈছে তিয়ঁহ, বিলাহীৰ কেঁচা চালাড৷ কেঁচা চালাড হজম হওঁতে অলপ সময় লাগে৷ যিসকলৰ গেছ, বদহজম, ডিচেন্ত্রী বা অন্য পেটৰ সমস্যা আছে তেওঁলোকে পৰাপক্ষত ৰাতি কেঁচা চালাড খাব নালাগে৷ তিয়ঁহৰ বিষয়ে হিন্দীত এষাৰ কথা আছে যে ‘খিৰা চুবহ কৌ হীৰা শাম কৌ পীড়া’৷ অর্থাৎ ই ৰাতিপুৱা হীৰাৰ দৰে কাম দিয়ে আৰু পাছবেলা বিষ (পীড়া) দিয়ে বা পিছবেলা আমাৰ শৰীৰৰ বাবে হানিকাৰক হৈ পৰে৷ বিলাহী অম্লধর্মী হোৱাৰ লগতে ইয়াত থকা গুটিবোৰ সহজে হজম নহয়৷ গতিকে কেঁচা বিলাহী ৰাতি খালে পেটৰ গোলমাল হোৱাৰ সম্ভাৱনা থাকে৷ অৱশ্যে সিজাই খালে অপকাৰ নকৰে৷
* কফী, ডার্ক চকলেট আৰু চাহ বিশেষকৈ গাখীৰ চাহ ৰাতি কমাই খাব লাগে৷ কাৰণ এইবিলাক খাদ্যত কেফেইন নামৰ ৰাসায়নিক পদার্থ থাকে যিয়ে হয়তো টোপনিত ব্যাঘাত জন্মাব পাৰে৷ বিশেষকৈ যিসকলৰ টোপনিৰ সমস্যা আছে তেওঁলোকে এইবোৰ বস্তু ৰাতি কমাই খাবলৈ চেষ্টা কৰা উচিত৷ অৱশ্যে চাহত কেফেইনৰ পৰিমাণ যথেষ্ট কম থাকে যদিও মাত্রাধিক খালে ই গেছৰ সমস্যাৰ লগতে টোপনিত ব্যাঘাত জন্মাব পাৰে৷
* ৰাতি খাব নলগীয়া বস্তু হৈছে দৈ৷ দৈ এবিধ পুষ্টিকৰ খাদ্য কিন্তু ইয়াক সঠিক বিধিত সেৱন নকৰিলে পার্শ্বক্রিয়া হ’ব পাৰে৷ গুৰুপাকী হোৱাৰ বাবে ৰাতি হজম কৰোঁতে অসুবিধা হয়৷ আৰু যিহেতু ৰাতি শুইহে থকা হয়, গতিকে এনে গুৰুপাকী খাদ্যই পেটৰ গোলমাল কৰিব পাৰে৷
* চীজ, বাটাৰ বা অন্য চর্বিযুক্ত খাদ্য ৰাতি কমাই খাব লাগে৷ ফেট বা চর্বি হজম হওঁতে যথেষ্ট সময় লাগে আৰু ৰাতি আমি বিশেষ পৰিশ্রম নকৰোঁ৷ আমি শুই থাকোঁতে যদি আমাৰ পাচনতন্ত্রৰূপী মেচিনটোৱে অনবৰতে এনেবোৰ খাদ্য হজম কৰাতেই লাগি থাকিবলগীয়া হয় তেন্তে ই অলপ কষ্ট পায়৷ সেয়ে ৰাতি ইয়াক বিশ্রাম দিব লাগে৷ চর্বিযুক্ত খাদ্য দিনৰ অন্য সময়ত খাব লাগে৷
* ৰাতি ফুলকবি, ব্রকলি, তিতাকেৰেলা, অত্যধিক টেঙা, তিতা, জলা বা খাৰযুক্ত খাদ্যও পৰাপক্ষত খাব নালাগে৷ পেটৰ গোলমাল হোৱাৰ উপৰি টোপনিত ব্যাঘাত হোৱাৰ সম্ভাৱনা থাকে৷
* ওপৰত উল্লেখ কৰা বস্তুসমূহৰ উপৰি আৰু অন্যান্য খাদ্য আছে যিবোৰ ৰাতি খাব নালাগে৷ ব্যক্তিভেদে তেনে বস্তুৰ তালিকা বেলেগ বেলেগ হয়৷ এতিয়া হয়তো বহুতৰ মনত প্রশ্ণৰ উদয় হৈছে যে তেওঁলোকে তিয়ঁহৰ চালাড, দৈ আদিবোৰ খাদ্য দেখোন খায়েই থাকে, তেওঁলোকৰ একো সমস্যা হোৱা নাই কিয়? আচলতে সকলোৰে হজম শক্তি বেলেগ বেলেগ৷ যিসকল ব্যক্তিৰ হজম শক্তি ভাল তেওঁলোকে এনে খাদ্য সহজে হজম কৰিব পাৰে৷ আৰু যিসকলৰ হজম শক্তি বেয়া তেওঁলোকে এনে খাদ্য একেবাৰে হজম কৰিব নোৱাৰে৷ গতিকে সকলোৱে নিজৰ হজম শক্তি চাইহে খাদ্য গ্রহণ কৰা উচিত৷ এবিধ বস্তু এজন মানুহৰ বাবে পথ্য হ’লেও আনজনৰ বাবে হয়তো অপথ্য হ’ব পাৰে৷ সেয়েহে সকলোৱে নিজৰ বাবে উপযোগী বস্তুবোৰহে খোৱা উচিত৷

You might also like