নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাণায়াম সুখী আৰু নিৰোগী জীৱনৰ বাবে

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ   প্রাণ+ আয়াম= প্রাণায়াম অর্থাৎ ব্রহ্মাণ্ডত বিয়পি থকা প্রাণশক্তিক গ্রহণ কৰি শৰীৰ আৰু মনক বিশুদ্ধ কৰাৰ পদ্ধতিটোৱেই হ’ল প্রাণায়াম৷ প্রাণায়ামৰ নিয়মিত অভ্যাসৰ দ্বাৰা ৰক্ত শুদ্ধ হয় শৰীৰে প্রচুৰ পৰিমাণে অক্সিজেন গ্রহণ কৰিবলৈ সক্ষম হয়৷ শৰীৰত প্রৱাহিত বিশুদ্ধ ৰক্তই প্রতিটো কোষলৈকে অক্সিজেন আৰু পুষ্টিদ্রব্যসমূহ কঢ়িয়াই লৈ যায়৷ কোষসমূহৰ স্বাস্থ্যৰ ওপৰতেই আমাৰ সর্বাংগীণ স্বাস্থ্য নির্ভৰশীল৷ কোষসমূহ যিমান সজীৱ হৈ থাকিব সিমানেই স্বাস্থ্য ভাল হৈ থাকিব৷
মেক্স প্লেংক ইনষ্টিটিউট ফৰ চেল ফিজি’লজী Max Planck Institute for Cell Physiology)ৰ সঞ্চালক ন’বেল বঁটা বিজয়ী ডাঃ অট’ ৱাৰবার্গে Dr. Otto Warburg) কোষৰ ওপৰত অক্সিজেনৰ কিদৰে প্রভাৱ বিস্তাৰ ঘটে এই সম্পর্কে বহু বছৰ ধৰি গৱেষণা চলাইছিল৷ তেওঁ সুস্থ, স্বাভাৱিক কোষসমূহৰ ওপৰত কেৱল অক্সিজেনৰ পৰিমাণ হ্রাস কৰি এই কোষসমূহক কেঞ্চাৰ কোষলৈ ৰূপান্তৰিত কৰি দেখুৱাইছিল৷ সেয়েহে নিৰোগী জীৱনৰ বাবে শৰীৰত পর্যাপ্ত পৰিমাণৰ অক্সিজেনৰ অতিকৈ প্রয়োজন৷ প্রাণায়ামৰ জৰিয়তে আমি শৰীৰত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰিব পাৰোঁ৷
প্রকৃততে প্রাণায়ামক আমি একপ্রকাৰৰ উশাহ–নিশাহৰ ব্যায়াম বুলিয়েই ক’ব পাৰোঁ৷ আমাৰ বেছিসংখ্যক লোকেই ভালদৰে উশাহ ল’ব নাজানে৷ উশাহৰ গতি যিমান দীঘল হ’ব সিমানেই মন শান্ত হ’ব আৰু শৰীৰত প্রৱাহিত অক্সিজেনৰ পৰিমাণ বৃদ্ধি হ’ব৷ নাড়ী শুদ্ধি প্রাণায়াম বা অনুলোম–বিলোমৰ নিয়মিত অভ্যাসৰ দ্বাৰা শৰীৰত অক্সিজেনৰ পৰিমাণে যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব পৰা যায়৷ ইয়াৰ নিয়মিত অভ্যাসৰ দ্বাৰা শৰীৰ প্রাণৱন্ত হৈ উঠে, জীৱনী শক্তিৰ বৃদ্ধি হয়৷ এই প্রাণায়াম অভ্যাস কৰাৰ উপযুক্ত সময়টো হ’ল ৰাতিপুৱা চাৰিটাৰ পৰা সাত বজাৰ ভিতৰত৷
বিধি ঃ যিকোনো সহজ আসনত বহি লওক, মেৰুদণ্ড পোন কৰি ৰাখিব৷ তলত বহিবলৈ অসুবিধা হ’লে চকী নাইবা বিছনাৰ ওপৰতো বহি ল’ব পাৰে৷ যিমান পাৰে ঢ়িলা, আৰামদায়ক পোছাক পৰিধান কৰিব৷ দুৱাৰ–খিৰিকী খুলি ল’ব৷ প্রাণায়াম অভ্যাসৰ আগত কেইবাৰমান ওঁমকাৰ জপ কৰিব৷ এনে কৰিলে মন স্থিৰ হয়৷ এতিয়া সোঁহাতৰ বুঢ়া আঙুলিটোৰে সোঁ নাকটো বন্ধ কৰি বাঁও নাকেৰে সম্পূর্ণৰূপে উশাহ ত্যাগ কৰিব৷ শ্বাস ত্যাগ সমাপ্ত হোৱাৰ পিছত পুনৰ বাঁও নাকেৰে লাহে লাহে উশাহ ল’ব আৰু সোঁ নাকেৰে এৰি দিব৷ সোঁ নাকেৰে শ্বাস ত্যাগ সম্পূর্ণ হোৱাৰ পিছত পুনৰ সোঁ নাকেৰে উশাহ লৈ বাঁও নাকেৰে এৰি দিব৷ এনেদৰে বাঁও নাকেৰে উশাহ লৈ পুনৰ সোঁ নাকেৰে এৰালৈকে এটা আৱর্তন সম্পূর্ণ হয়৷ এনেকুৱা কমপক্ষেও ১২টা আৱর্তনৰ অভ্যাস কৰিব লাগে৷ বেছিকৈ কৰাত কোনো বাধা নাই৷ যিমান কৰিব সিমান ভাল৷ প্রাণায়াম অভ্যাসৰ সময়ত চকু বন্ধ কৰি ৰাখিব৷ উশাহ লওঁতে মনতে ভাবিব যে শৰীৰত প্রাণ শক্তিৰ প্রৱেশ ঘটিছে, এৰোঁতে ভাবিব যে দেহৰ সকলো ৰোগ–ব্যাধি, নেতিবাচক বিচাৰ আঁতৰি গৈছে, শৰীৰ ব্যাধিমুক্ত আৰু প্রাণৱন্ত হৈ উঠিছে৷

You might also like