নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রমাৎ সুস্থ আইচিইউতে শিল্পী লতা মংগেশকাৰ

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ ক’ভিডত আক্রান্ত হৈ মুম্বাইৰ ব্রিজ কেন্দী হাস্পতালত চিকিৎসাধীন হৈ থকা কিংবদন্তি শিল্পী লতা মংগেশকাৰ ক্রমাৎ সুস্থ হৈ উঠিছে যদিও আইচিইউতে থাকিব লাগিব৷ যোৱা ৯ জানুৱাৰীত চিকিৎসালয়ত ভর্তি হোৱা কিংবদন্তি শিল্পীগৰাকীৰ চিকিৎসাৰ দায়িত্বত থকা ডাঃ প্রতীত শ্যামগানীয়ে প্রকাশ কৰা মতে, লতা মংগেশকাৰ বর্তমান আইচিইউতে আছে যদিও তেওঁৰ স্বাস্থ্যৰ আজি সামান্য উন্নতি হৈছে৷ আইচিইউতে চিকিৎসকৰ নিৰীক্ষণত থাকিব শিল্পীগৰাকী৷

You might also like