নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ নিৰাপত্তাৰ প্রতি ভাবুকিঃ ভাৰতত চীনৰ চিচি টিভি কেমেৰা নিষিদ্ধৰ দাবী

নিয়মীয়া বাৰ্তা, ৮মাৰ্চ: ভাৰতৰ নিৰাপত্তাৰ প্রতি ভাবুকিৰ সৃষ্টি কৰি থকা চীনত নির্মিত চিচি টিভি কেমেৰা নিষিদ্ধ কৰাৰ দাবী জনাইছে অৰুণাচল প্রদেশৰ কংগ্রেছ বিধায়কে৷ চীনৰ চিচি টিভি কেমেৰা নিষিদ্ধ কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীক পত্র প্রেৰণ কৰিছে কংগ্রেছী বিধায়ক নিনং ইৰিঙে৷ দেশজুৰি চৰকাৰী কার্যালয়কে ধৰি বিভিন্ন প্রতিষ্ঠানত চীনৰ চিচি টিভি কেমেৰা স্থাপন কৰাক লৈ উদ্বিগ্ণতা প্রকাশ কৰি প্রধানমন্ত্রীলৈ লিখা পত্রখনত কংগ্রেছী বিধায়ক ইৰিঙে চিচি টিভিত বেইজিঙৰ চকু আৰু কাণ থাকিব বুলি সন্দেহ ব্যক্ত কৰিছে৷ চীনৰ চিচি টিভি কেমেৰা ঘৰত ব্যৱহাৰ কৰা সন্দর্ভতো দেশবাসীক সজাগতা সৃষ্টিৰ বাবে ৰাজহুৱা সজাগতা অভিযান আৰম্ভ কৰিবলৈ বিধায়কগৰাকীয়ে প্রধানমন্ত্রীক পত্রখনত আহ্বান জনাইছে৷ উল্লেখ্য যে চীনে নিয়মীয়াভাৱে ভাৰতীয় প্রতিষ্ঠানসমূহত আক্রমণ চলাই আহিছে৷ ইয়াৰে ভিতৰত লাডাখৰ এল অ’ চিৰ সমীপত ৭টা ভাৰতীয় প্রধান ইলেকট্রিচিটী লোড ডিছপেচ চেণ্টাৰ (ই এল ডি চি এছ)ত চীনে কেইবাবাৰো আক্রমণ কৰিছে৷ চীনৰ হেকাৰে লাডাখৰ সমীপৰ ই এল ডি চি এছত আক্রমণ কৰাৰ লগতে আন স্থানতো আক্রমণৰ সন্দেহ চলি আহিছে৷ মন কৰিবলগীয়া যে ভাৰতত ২ নিযুততকৈ অধিক চিচি টিভি স্থাপন কৰা হৈছে৷ ইয়াৰে ভিতৰত ৯০ শতাংশই চীনা কোম্পানীৰ৷ অর্থাৎ চীন চৰকাৰৰ দ্বাৰা পৰিচালিত কোম্পানীয়ে চিচি টিভি নির্মাণ কৰি আহিছে৷ এই স্থাপন হোৱা ৯০ শতাংশ চিচি টিভিৰ ভিতৰত ৫০তকৈ অধিক শতাংশ ভাৰতৰ চৰকাৰী প্রতিষ্ঠানত স্থাপন হৈ আছে৷ এনে কাৰণত সুৰক্ষাৰ প্রতি ভাবুকি আহিব পাৰে৷

You might also like