নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৈৰাবাৰীৰ লেংৰিবৰীত ভূমি কেন্দ্ৰিক সংঘাত: মহিলা শিশু সহ আহত ১৩

নিয়মীয়া বাৰ্তা ৮ মাৰ্চ: মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অধীনস্থ লেংৰিবৰী গাঁৱত আজি দিনৰ আনুমানিক ১২ মান বজাত হোৱা এক ভূমি কেন্দ্ৰিক সংঘাতৰ ফলত মহিলা শিশু সহ মুঠ ১৩ জন লোক আহত হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।জানিব পৰা মতে লেংৰিবৰী ৰাজহ গাঁৱৰ গোলজাৰ হুছেইন আৰু আবু শ্বহীদৰ মাজত মাটি বাৰীৰ বিবাদত প্ৰথমতে তৰ্কতৰ্কিৰ সূত্ৰপাত হয়। পৰৱৰ্তী পৰ্যায়ত এই তৰ্কতৰ্কিয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰাত হিন্দী বোলছবিৰ কায়দাৰে দুয়োটা পৰিয়ালৰ প্ৰায় ১৩ জনিয়া পুৰুষ মহিলাই এজনে আনজনক উপৰ্যপূৰি প্ৰহাৰ কৰাৰ ফলত পুৰুষ মহিলা শিশু সহ মুঠ ১৩ জন লোক আহত হয়।আহত সকলৰ ভিতৰত ক্ৰমে গোলজাৰ হুছেইন(৪৫) দিলোৱাৰ হুছেইন(২৫) মুস্তফা আহমেদ(২০) আকীবোৰ ৰহমান(২৫) নেকীবোৰ ৰহমান(২৬) হাজেৰা খাতুন(৪৫) য়াছমীনা খাতুন(৩০) ৰমিছা খাতুন(৩৩) কুলছুমা খাতুন(২৭) সাঁছমীনা খাতুন(২৬) ইয়াৰে আবু শ্বহীদ(৪৩) ৰুকিয়া খাতুন(৪০) উমে হাবিবাৰ(২৩)ৰ অৱস্থা সংকট জনক। সংকট জনক অৱস্থাত থকা আহত সকলক ইতিমধ্যে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।আনহাতে দুয়ো পক্ষই ঘটনা সন্ধৰ্ভত মৈৰাবাৰী আৰক্ষী থানাত এজাহাৰ দিয়াত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

প্ৰেৰকঃতাৰিকুল ইছলাম

You might also like