নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেকচিন প্রস্তুতকাৰী ছিৰাম ভাৰত বায়’টেকক লক্ষ্য চীনৰ হেকাৰৰ

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ দুটাকৈ ক’ভিড–১৯ ভেকচিন প্রস্তুতকাৰী ভাৰতৰ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ভাৰত বায়’টেকৰ আই টি ছিষ্টেমক হেক কৰাৰ লক্ষ্য লৈছে চীনৰ হেকাৰে৷ ছিংগাপুৰ আৰু টকিঅ’স্থিত ছাই ফার্মা নামৰ চাইবাৰ ইণ্টেলিজেঞ্চ ফার্মে প্রকাশ কৰা মতে চীন চৰকাৰৰ পৃষ্ঠপোষকতাত হেকাৰে ভাৰতীয় কোম্পানী ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ভাৰত বায়’টেকৰ আই টি ছিষ্টেম হেক কৰি তথ্য সংগ্রহৰ লক্ষ্য লৈছে৷

উল্লেখ্য যে চীন আৰু ভাৰতে ক’ভিড–১৯ ভেকচিন প্রস্তুত কৰি বিশ্বৰ বিভিন্ন দেশলৈ উপহাৰ আগবঢ়োৱাৰ লগতে বিক্রী কৰি আছে৷ এইক্ষেত্রত ভাৰতে চীনতকৈ এখোপ আগুৱাই গৈ বিশ্বত বিক্রী হোৱা ৬০ শতাংশতকৈ অধিক ক’ভিড–১৯ ভেকচিন উৎপাদন কৰি আছে৷ ইয়াৰ বাবেই চীনে ব্যৱসায়িক প্রতিদ্বন্দ্বী হিচাপে ভাৰতৰ পৰা ভেকচিন প্রস্তুতকাৰী কোম্পানী দুটাৰ তথ্য সংগ্রহ কৰাত গুৰুত্ব আৰোপ কৰিছে৷ ছাইফার্মাই প্রকাশ কৰা মতে বিগত সপ্তাহত চীনৰ হেকাৰে চলোৱা আক্রমণৰ ফলশ্রুতিত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ কেইবাটাও ৱেব ছার্ভাৰ দুর্বল হৈ পৰিছে৷

যাক লৈ কোম্পানীটো উদ্বিগ্ন হৈছে৷ ছাইফার্মাই এই দাবী কৰিলেও কোম্পানীটোৰ কর্তৃপক্ষই এই বাতৰি অস্বীকাৰ কৰিছে৷ কোম্পানীটোৰ অতি গুৰুত্বপূর্ণ ৱেব ছার্ভাৰ ক্ষতিৰ সন্মুখীন হোৱা বুলি ছাইফার্মাই দাবী কৰিলেও এই সন্দর্ভত কোম্পানীয়ে একো মন্তব্য কৰা নাই৷

আনপিনে, চীনৰ পৃষ্ঠপোষকতাত ভাৰতত দুটাকৈ কোম্পানীৰ ৱেব ছার্ভাৰ ক্ষতিগ্রস্ত কৰাৰ বাবে হেকাৰে আক্রমণ কৰা বুলি যি তথ্য সংবাদ মাধ্যমত চর্চিত হৈছে তাক লৈ চীনৰ বৈদেশিক মন্ত্রালয়েও একো মন্তব্য কৰা নাই৷ আনহাতে, ভাৰত বায়’টেকেও তেওঁলোকৰ কোম্পানীৰ ৱেব ছার্ভাৰ চীনৰ হেকাৰে ক্ষতিগ্রস্ত কৰা বুলি যি তথ্য ছাইফার্মাই প্রকাশ কৰিছে সেই তথ্যক নাকচ কৰিছে৷

You might also like