নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাদ্রাছা টেট উত্তীর্ণক সাধাৰণ স্কুলত নিযুক্তি দিয়াৰ দাবী

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ মাদ্রাছা ব’ৰ্ড ভংগ কৰাৰ পিছত ভৱিষ্যতে নিযুক্তিক লৈ উদ্বিগ্ন হৈ পৰিছে মাদ্রাছা টেট উত্তীর্ণ প্রার্থীসকল৷ সেয়েহে ৬ বছৰে নিযুক্তিৰ পৰা বঞ্চিত হৈ থকা ৫ সহস্রাধিক মাদ্রাছা টেট উত্তীর্ণ প্রার্থীক সাধাৰণ বিদ্যালয়ত নিযুক্তি দিবলৈ দাবী উত্থাপন কৰিছে সদৌ অসম প্রি–ছিনিয়ৰ মাদ্রাছা টেট উত্তীর্ণ প্রার্থী সন্থাই৷

সোমবাৰে দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেলত সন্থাৰ সভানেত্রী ৰিতামণি দাসে কয় যে বিগত ২০১৫ চনৰ জানুৱাৰীত ৰাষ্ট্রীয় মাধ্যমিক শিক্ষা অভিযানৰ দ্বাৰা অনুষ্ঠিত মাদ্রাছা টেট পৰীক্ষাত অৱতীর্ণ হোৱা লক্ষাধিক পৰীক্ষার্থীৰ প্রায় কুৰি হাজাৰজন পৰীক্ষার্থী মেধাৰ ভিত্তিত উত্তীর্ণ হ’বলৈ সক্ষম হৈছিল৷ ইয়াৰে কেৱল প্রি–ছিনিয়ৰ ছেকচনত উত্তীর্ণ হৈছিল ১৬,৭৫৪জন প্রার্থী৷ এই প্রার্থীসকল যদিহে মাদ্রাছাত নিযুক্তিৰ বাবে টেট উত্তীর্ণ হৈছিল, এওঁলোক কিন্তু মাদ্রাছাৰ ছাত্র নহয়৷ হায়াৰ ছেকেণ্ডাৰী, বি এ, এম এ উত্তীর্ণ সাধাৰণ শিক্ষিত যুৱক–যুৱতীহে৷ গতিকে সাধাৰণ স্কুল যেনে– এল পি, এম ই, এম ভি, হাইস্কুল আদিত শিক্ষকতা কৰাৰ যোগ্যতা এওঁলোকৰ আছে৷

ইতিমধ্যে এওঁলোকৰ বুজনসংখ্যকক সাধাৰণ স্কুলত নিযুক্তি দিয়াও হৈছে৷ নগণ্যসংখ্যক মাদ্রাছা টেট উত্তীর্ণ প্রার্থীক আজিকোপতি চৰকাৰ তথা শিক্ষা বিভাগে চাকৰিত মকৰল নকৰাত সম্প্রতি তেওঁলোক উদ্বিগ্ণ হৈ পৰিছে বুলি উল্লেখ কৰি তেওঁ কয়–‘নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰাৰ সময়তে নিযুক্তিৰ পৰা বঞ্চিত হোৱাৰ উপক্রম হৈছে মাদ্রাছা টেট উত্তীর্ণ প্রার্থীসকল৷

পূর্বৰ চৰকাৰৰ দিনত এই প্রার্থীসকল টেট উত্তীর্ণ হৈছিল যদিও তেওঁঁলোকৰ নিযুক্তিৰ ক্ষেত্রত তদানীন্তন চৰকাৰে কোনো গুৰুত্ব প্রদান নকৰিলে৷ যাৰ ফলত এই প্রার্থীসকল নিযুক্তিৰ পৰা বঞ্চিত হৈ থাকিল৷ বর্তমানৰ পৰিৱর্তনকামী চৰকাৰেও শিক্ষকতাৰ যোগ্যতা অর্জন কৰা এই নিবনুৱাসকলৰ প্রতি কোনো ধৰণৰ সঁহাৰি দিয়া পৰিলক্ষিত হোৱা নাই৷

অলপতে হৈ যোৱা বৃহৎ শিক্ষক নিযুক্তিতো এওঁলোকক সামৰি লোৱা নহ’ল৷ অসম চৰকাৰে ইতিমধ্যে মাদ্রাছা ব’ৰ্ড ভংগ কৰি মাদ্রাছাসমূহ সাধাৰণ স্কুললৈ পর্যবসিত কৰিলে, গতিকে সেই একে নীতি অৱলম্বন কৰি মাদ্রাছা টেট উত্তীর্ণ প্রার্থীসকলক যোগ্যতাৰ ভিত্তিত সাধাৰণ স্কুল যেন, এল পি, এম ই, এম ভি স্কুল, হাই স্কুল আদিত নিযুক্তি প্রদান কৰিব লাগে৷’

You might also like