নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্ৰেপ্তাৰ হ’ব নেকি কমেডিয়ান ভাৰতী সিং? এন চি বিৰ তালাচীত উদ্ধাৰ গাঞ্জা

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত এতিয়া সোমাই পৰিছে বলীউডৰ এন্ধাৰ গলিত। বলীউড জগতত চলা ড্ৰাগছৰ অবাধ প্ৰচলন এই তদন্তই পোহৰলৈ আনিছে। শেহতীয়াকৈ বলীউডেই নহয় টিভি জগতলৈও শিপাইছে এই তদন্ত।

আজি ছনী টিভিৰ কপিল শৰ্মা শ্ব’ৰ অভিনেত্ৰী তথা গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জৰ জৰিয়তে বিখ্যাত হৈ পৰা কমেডিয়ান ভাৰতী সিঙৰ ঘৰতো তালাচী চলায় দেশৰ নাৰ্কোটিকচ কণ্ট্ৰোল ব্যুৰোৱে। তালাচী অভিযানত ভাৰতী শৰ্মাৰ মুম্বাইৰ আন্ধেৰীস্থিত বাসগৃহৰ পৰা উদ্ধাৰ কৰে গাঞ্জা। অভিনেত্ৰীগৰাকীৰ প্ৰডাকচন হাউছতো এনচিবিয়ে চলাই তালাচী।

গাঞ্জা উদ্ধাৰ হোৱাৰ পিছতে এন চি বিৰ কাৰ্যালয়লৈ মাতি পঠিয়াই অভিনেত্ৰী ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াক। চমন লাভৰ পিছতে এন চি বিৰ কাৰ্যালয়ত হাজিৰ হয় দুয়োগৰাকী। সম্প্ৰতি সোধা-পোছা কৰি থকা হৈছে দুয়োগৰাকীকে।

You might also like