নিউজ ডেস্ক, ১৮ নৱেম্বৰ : দিল্লীৰ লালকিল্লাৰ আইইডি বিস্ফোৰণ, দুই চিকিৎসকৰ জিম্মাৰ পৰা প্রায় ২৯০০ কেজি বিস্ফোৰক উদ্ধাৰ আৰু সন্ত্রাসবাদৰ সৈতে কর্মৰত চিকিৎসকৰ সম্পর্কক লৈ বিতর্কত সাঙোৰ খাই পৰা আল–ফালাহ বিশ্ববিদ্যালয়ত চলিব পাৰে বুলড’জাৰ!
জেহাদী চিকিৎসক গঢ় দিয়া এই কাৰখানাসদৃশ বিশ্ববিদ্যালয়খন আৰম্ভণিৰ পৰাই বিতর্কত সাঙোৰ খাই আহিছে৷ সেই অনুসৰি বিশ্ববিদ্যালয়খন স্থাপনৰ সময়তে বলপূর্বকভাৱে ভূমি অধিগ্রহণ আৰু অবৈধভাৱে নির্মাণৰ অভিযোগ উত্থাপন হৈছে৷ ১৯৯০ চনত বিশ্ববিদ্যালয়খনৰ সম্প্রসাৰণৰ কাম আৰম্ভ হৈছিল৷ সেই সময়তে উপাচার্যৰ পদত থকা ব্যক্তিগৰাকীয়ে গাঁওবাসীৰ বহু ভূমি বলপূর্বকভাৱে অধিগ্রহণ কৰিছিল৷ তদুপৰি কেইবাটাও পথ দখল কৰাত স্থানীয় কৃষকসকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছিল৷ প্রথম অৱস্থাত অভিযান্ত্রিক মহাবিদ্যালয়খন ৩০ একৰ ভূমিত নির্মাণ কৰা হৈছিল৷ পিছত চাৰিওফালৰ ভূমি ক্রয় কৰি অট্টালিকা নির্মাণ কৰা হৈছিল যদিও স্থানীয় প্রশাসনৰ পৰা কোনো অনুমতি লোৱা নাছিল৷ এই সকলো অভিযোগ ‘ইডি’ক দিয়া হৈছে৷
‘ইডি’ৰ তদন্তত বিশ্ববিদ্যালয়খনে ভূমি অধিগ্রহণ আৰু অবৈধ নির্মাণৰ অনিয়মৰ প্রমাণ পালে প্রশাসনে ভাঙি দিয়াৰ সম্ভাৱনা আছে৷ সেই লৈ বিশ্ববিদ্যালয়ৰ উপাচার্য জাভেদ আহমেদলৈ চমন জাৰি কৰিছিল৷ একেদৰে বিশ্ববিদ্যালয়খনৰ নামতো ৮০ একৰ ভূমি অবৈধভাৱে দখল কৰাৰ অভিযোগ উত্থাপন হৈছে৷