সুদীর্ঘ ২৮ বছৰৰ পিছত ফিফা বিশ্বকাপ-লৈ নৰৱে’
বিশ্বকাপৰ টিকট লাভ কৰিলে পর্তুগালেও, এতিয়াও অনিশ্চিত ইটালী
সুদীর্ঘ ২৮ বছৰৰ পিছত ফিফা বিশ্বকাপলৈ যোগ্যতা অর্জন কৰিলে নৰৱে’ই৷ ১৯৯৮ চনত অন্তিমবাৰৰ বাবে ফিফাৰ সন্মানীয় প্রতিযোগিতাখনত ভাগ লোৱা নৰৱে’ই ইটালীৰ ছান ছিৰো ষ্টেডিয়ামত অনুষ্ঠিত ইউৰোপীয় কোৱালিফায়াৰত ঘৰুৱা দল ইটালীক ৪–১ গ’লত বিধ্বস্ত কৰি ফিফা বিশ্বকাপলৈ যোগ্যতা অর্জন কৰে৷ গ্রুপ ‘আই’ত অপ্রতিৰোধ্য নৰৱে’ই ৮খন মেচ খেলি আটাইকেইখনতে জয়লাভ কৰে আৰু মুঠ ২৪ পইণ্ট লাভ কৰি গ্রুপত শীর্ষস্থান অধিকাৰ কৰে৷
ইপিনে মেচখনত পৰাস্ত হৈ বিশ্বকাপলৈ যোগ্যতা অর্জন কৰাত অনিশ্চিত হৈ পৰিছে ইটালী৷ যোৱা দুখন বিশ্বকাপত যোগ্যতা অর্জন কৰাত ব্যর্থ হোৱা চাৰিবাৰৰ চেম্পিয়ন ইটালীয়ে ৮খন মেচৰ ৬খনত জয় আৰু দুখনত পৰাস্ত হৈ ১৮ পইণ্ট লাভ কৰি পইণ্ট তালিকাত দ্বিতীয় স্থান অধিকাৰ কৰি আছে৷ পোনপটীয়াকৈ বিশ্বকাপত প্রৱেশ কৰিব নোৱাৰিলেও ইটালীৰ সন্মুখত এতিয়াও সুযোগ আছে৷ অহা বছৰৰ মার্চ মাহত প্লেফ খেলিব লাগিব ইটালীয়ে৷
২০১৮ আৰু ২০২২ চনত বিশ্বকাপ খেলাত ব্যর্থ হোৱা ইটালীয়ে ২০২৬ চনৰ বিশ্বকাপলৈ যোগ্যতা অর্জন কৰিব পাৰিবনে নোৱাৰে সেয়া মার্চ মাহত চূড়ান্ত সিদ্ধান্ত হ’ব৷
মেচখনৰ ১১ মিনিটত ইটালীয়ে গ’ল স্ক’ৰ কৰি গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰিছিল৷ কিন্তু দ্বিতীয়ার্ধত নৰৱে’ই আক্রমণাত্মক খেল দাঙি ধৰি ইটালীৰ ৰক্ষণ বিভাগ ছেদেলি–ভেদেলি কৰে৷ ৬৩ মিনিটত এণ্টনি’ নুছাই গ’ল স্ক’ৰ কৰি মেচখনত সমতা স্থাপন কৰাৰ পিছত নৰৱে’ৰ অধিনায়ক আর্লিং হালাণ্ডে ৭৮ আৰু ৭৯ মিনিটত দুটাকৈ গ’ল স্ক’ৰ কৰি দলটোক ৩–১ গ’লত গুৰুত্বপূর্ণ অগ্রগতি প্রদান কৰে৷
ইফালে দ্বিতীয়ার্ধৰ ইনজুৰি সময়ৰ ৩ মিনিটত নৰৱে’ই আন এক গ’ল স্ক’ৰ কৰি ব্যৱধান ৪–১লৈ বৃদ্ধি কৰাই নহয় মেচখনত বিজয়ো নিশ্চিত কৰে৷ ইপিনে পর্তুগালেও ফিফা বিশ্বকাপলৈ যোগ্যতা অর্জন কৰিছে৷ দেওবাৰে নিশা প’র্টোত অনুষ্ঠিত একপক্ষীয় মেচখনত ক্রিষ্টিয়ানো ৰ’নাল্ডোবিহীন পর্তুগালে আর্মেনিয়াক ৯–১ গ’লত বিধ্বস্ত কৰি ফিফা বিশ্বকাপলৈ যোগ্যতা অর্জন কৰে৷
মেচখনত পর্তুগালৰ হৈ জাও নেভেছ আৰু ব্রুনো ফার্নাণ্ডেজে হেট্ট্রিক অর্জন কৰে৷ দলটোৰ হৈ ৰেনাটো ভিয়েগা, গঞ্চালো ৰামোছ আৰু ফ্রান্সেস্কোৱে এটাকৈ গ’ল স্ক’ৰ কৰে৷ আর্মেনিয়াৰ একমাত্র গ’লটো স্ক’ৰ কৰে ১৮ মিনিটত ইডুৱার্ড স্পার্চিয়ানে৷ পর্তুগালে গ্রুপ ‘এফ’ত ৬খন মেচৰ ৪খনৰ জয়, এখনত পৰাজয় আৰু এখন ড্র খেলি মুঠ ১৩ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ শীর্ষস্থানত থাকে৷
আনহাতে ইতিমধ্যে বিশ্বকাপলৈ যোগ্যতা অর্জন কৰা ইংলেণ্ডে মেচত আলবেনিয়াক ২–০ গ’লত পৰাস্ত কৰে৷ উল্লেখ্য যে গ্রুপ ‘কে’ৰ আটাইকেইখন মেচতে ইংলেণ্ডে জয়ৰ সোৱাদ লাভ কৰে৷
ডিজিটেল ডেস্ক, ১৮ নৱেম্বৰ