নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলাশবাৰীত স্বাস্থ্যকেন্দ্ৰৰ বন্ধ কোঠাত বৃদ্ধ মহিলাৰ মৃতদেহ উদ্ধাৰ, তীব্ৰ চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰটাৰীস্থিত দক্ষিণ সৰুবংশৰ উপ-স্বাস্থ্য কেন্দ্ৰৰ কোঠাত এটি মৃতদেহ উদ্ধাৰক লৈ আজি পুৱাই সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।

উল্লেখ্য যে কেইবাদিনো ধৰি বন্ধ হৈ থকা চিকিৎসালয়খনৰ এটি কোঠাৰ পৰা উৎকট গোন্ধ ওলায় থকাত স্থানীয় লোকে আজি পুৱা চাবলৈ গৈ এগৰাকী মহিলাৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ লগে লগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷

মৃতদেহটো ওচৰৰে বেজৰটাৰীৰ নামান কলিতা নামৰ প্ৰায় সত্তৰ বছৰীয়া মহিলাগৰাকীৰ বুলি চিনাক্ত কৰা হয়। পিছত কুকুৰমাৰাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি লৈ আহে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাইছে যদিও মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷ সম্প্ৰতি সমগ্ৰ অঞ্চলজুৰি মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

You might also like