নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ২ আৰক্ষী, চিচিটিভিত বন্দী দৃশ্য

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ আজি দুপৰীয়া জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হয় দুগৰাকী আৰক্ষী।

বাৰাজুল্লা অঞ্চলত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। দুপৰীয়া নিয়মীয়া টহল দি থকা আৰক্ষীৰ ওপৰত একে-৪৭ৰে গুলীচালনা কৰে দুজন সন্ত্ৰাসবাদীয়ে।

গুলীচালনাৰ ফলত আহত আৰক্ষী দুগৰাকীক হাস্পতাললৈ নিয়া হয় যদিও তাতেই প্ৰাণত্যাগ কৰে দুয়োৱে।

ঘটনাস্থলীত আৰ্মী, চি আৰ পি এফৰ জোৱান উপস্থিত হৈ তালাচী অভিযান চলাই আছে।

উল্লেখ্য, হাতত মাৰণাস্ত্ৰ লৈ ৰাজপথত নমা সন্ত্ৰাসবাদীৰ ভিডিঅ’ ফুটেজ চিচিটিভিত বন্দী হয়।

You might also like