নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাৰত কঁপিছে হিন্দীবলয়

জাৰত থৰথৰকৈ কঁপিছে দেশৰ হিন্দীবলয়। দিনে দিনে যেন নিম্নগামী হৈছে পাৰাস্তম্ভৰ মান। দিল্লী, পাঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, ৰাজস্থান, মধ্যপ্ৰদেশকে ধৰি উত্তৰ আৰু উত্তৰ-পশ্চিম ভাৰতৰ কেবাখনো চহৰ তথা ৰাজ্যত সৰ্বনিম্ন হৈছে পাৰাস্তম্ভৰ মান। প্ৰচণ্ড শীতৰ মাজতে হোৱা প্ৰৱল বৃষ্টিপাতৰ বাবে জনজীৱন স্থৱিৰ হৈ পৰিছে।

মানুহে উম বিচাৰি নিহালিখনকে টানি আঁজুৰি লৈছে অথবা একুৰা জুঁই বিচাৰি ৰৈ গৈছে। জানিব পৰা মতে, সুদীৰ্ঘ ২৭ বছৰৰ মূৰত এইটো আটাইতকৈ সেমেকা জানুৱাৰী বুলি অভিহিত হৈছে। ইপিনে, হিমালয়ৰ পাৰ্শ্বৱৰ্তী পাহাৰীয়া ৰাজ্যকেইখনতো অত্যধিক হিমপাত হৈছে। বৰষুণ আৰু হিমপাতৰ বাবে হিমাচলত জৰুৰী সেৱা ৰদ হৈছে।

You might also like