নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্মদিনত অনুৰাগীলৈ হৃত্বিকৰ উপহাৰ

নিজৰ জনপ্ৰিয়তা, অনুৰাগীক ধৰি ৰাখিবলৈ আজিকালি প্ৰায় প্ৰতিগৰাকী তাৰকা ছচিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে। ইনষ্টাগ্ৰামত অধিক সক্ৰিয়ৰূপত দেখা যায় বেছিভাগ অভিনেতা-অভিনেত্ৰীক। আৰু নিজৰ জন্মদিনটোত আগন্তুক ছবিখনৰ ফটো, পোষ্টাৰ বা নতুন ভিডিঅৰ অংশ মুকলি কৰি চমক দিব বিচৰাতো একপ্ৰকাৰ নিয়ম হৈ উঠিছে। এইবাৰ জন্মদিনত অনুৰাগীৰ বাবে নিজৰে এখন নতুন ভংগীৰ ফটো প্ৰকাশ কৰিলে অভিনেতা হৃত্বিক ৰোশনে। আগন্তুক ছবি বিক্ৰম বেদাত দেখা পাবলগীয়া হৃত্বিকৰ চৰিত্ৰৰ প্ৰথম ফটোখন আজি মুকলি কৰিছে খোদ অভিনেতাগৰাকীয়ে। এই ছবিখনত গেংষ্টাৰ বেদাৰ ৰূপত দেখা যাব হৃত্বিকক। আনহাতে, অনুৰাগীয়ে ছইফ আলী খানক দেখা পাব পুলিচ বিষয়া বিক্ৰমৰ ৰূপত।

You might also like