নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা মহামাৰীঃ বিশ্বত প্ৰতি ১৫ ছেকেণ্ডত এগৰাকীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ ক’ৰোনা মহামাৰীয়ে ইতিমধ্যে বিশ্বজুৰি ৭ লাখ মানুহৰ প্ৰাণ কাঢ়িছে। গড় হিচাপত প্ৰতি ১৫ ছেকেণ্ডত এগৰাকীকৈ লোক মৃত্যুমুখত পৰিছে এই মহামাৰীৰ বাবে। লণ্ডনস্থিত বাতৰি সংস্থা ৰয়টাৰ্ছে বিগত দুসপ্তাহত ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যাৰ আধাৰত এই তথ্য দাঙি ধৰিছে।

তথ্য অনুযায়ী, আমেৰিকা, ব্ৰাজিল, ভাৰত আৰু মেক্সিকোত ক’ৰোনা মহামাৰীৰ বাবে মৃত্যুৰ ঘটনা প্ৰতিদিনে আশংকাজনকভাৱে বাঢ়ি গৈ আছে। আমেৰিকা আৰু লেটিন আমেৰিকা ক’ৰোনা মহামাৰীৰ বৃহৎ কেন্দ্ৰস্থল ৰূপে চিহ্নিত হ’বলৈ গৈ আছে।

দেখা গৈছিল যে লেটিন আমেৰিকাত প্ৰথম অৱস্থাত ইয়াৰ প্ৰকোপ কমি আছিল, কিন্তু বৰ্তমান দ্ৰুতহাৰত ইয়াৰ প্ৰকোপ বাঢ়ি গৈ আছে।

উল্লেখ্য যে বিশ্বজুৰি প্ৰতি ২৪ ঘণ্টাত ৫,৯০০ লোকৰ প্ৰাণনাশ হৈ আছে এই মহামাৰীৰ বাবে। অৰ্থাৎ প্ৰতি ঘণ্টাত ২৪৭ আৰু প্ৰতি ১৫ ছেকেণ্ডত এগৰাকীকৈ লোক মৃত্যুমুখত পৰিছে। আজিৰ তাৰিখলৈ বিশ্বত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১,৮৭,১০,৪৩২।

You might also like